
বঙাইগাঁওঃ আন্তৰ্জাতিক মানৱ অধিকাৰ পৰিষদে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী, কুঞ্জমোহন ৰায়ক প্ৰদান কৰে ড০ বাবাচাহেব আম্বেদকাৰ ন’বেল বঁটা৷
ওৰে জীৱন সংবাদ সেৱাৰ সমানে সমানে মানৱ অধিকাৰৰ হকে কাম কৰি অহা বঙাইগাঁৱৰ সাংবাদিক, সমাজকৰ্মী তথা মানৱ অধিকাৰ কৰ্মী কুঞ্জমোহন ৰায়ৰ কৰ্মৰ স্বীকৃতি ৰূপে প্ৰদান কৰে এই বছৰৰ ড০ বাবাচাহেব আম্বেদকাৰ ন’বেল বঁটা৷
বিশ্বৰ মানৱাধিকাৰ সংস্থাৰ দ্বাৰা স্বীকৃত আন্তৰ্জাতিক মানৱ অধিকাৰ পৰিষদে যোৱা ১১ এপ্ৰিলত মুম্বাইত বিশেষ অনুষ্ঠান আয়োজন কৰে৷ মুম্বাইৰ অনুষ্ঠাৰ সৈতে সংগতি ৰাখি এই বঁটা প্ৰদান কৰিছিল সংগঠনটোৱে।
মঙলবাৰে আন্তৰ্জাতিক মানৱ অধিকাৰ পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক হাচানুৰ জামানৰ নেতৃত্বত ৰাজ্যিক কাৰ্যকৰী সভাপতি কৌশিক ৰঞ্জন দাস, চিৰাং জিলা শাখাৰ সভাপতি গুলজাৰ হুছেইন, বঙাইগাঁও জিলা শাখাৰ সম্পাদক হজৰত আলীয়ে ৰায়ক বঙাইগাঁৱত এই বঁটা প্ৰদান কৰে৷
এখন প্ৰশস্তি পত্ৰ আৰু স্মাৰক আছে এই বঁটাত৷ পৰিষদে এই বছৰ এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছিল সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক মুকুল শইকীয়া, আপকুৰ প্ৰাক্তন সম্পাদক প্ৰধান কুঞ্জমোহন ৰায় আৰু বঙাইগাঁৱৰ যুৱ সাংবাদিক সীমান্ত চৌধুৰীক৷