চৰাইদেউঃ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰহাটত দিন দুপৰতে সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইটি কাণ্ডৰ সৈতে জড়িত এজন ডকাইতক বুধবাৰে সাপেখাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ডকাইটি কাণ্ডত শান্তিপুৰ চাহ বাগিচাৰ শ্রমিকৰ দৰমহা ৭ লাখ ৯৫ হাজাৰ টকা বেংকৰ পৰা বাগিচালৈ নি থকা অৱস্থাত চুমু ৰাজ পথত ৰখাই দুখন বাইকত অহা দুৰ্বৃত্তই লুটি নিছিল ৭ লাখ টকা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কাৰ নামৰূপৰ অৰুণ গগৈয়ে আৰক্ষীৰ জেৰাত বৰহাটৰ এজন যুৱকৰ নাম উল্লেখ কৰে বুলি জানিব পৰা গৈছে।