
ৰঙিয়াঃ একো একোটা অঞ্চলৰ উন্নয়ন হ’ব লাগিলে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা অধিক সূচল হ’ব লাগিব। তেতিয়া হে শিক্ষা, স্বাস্থ্য, ব্যৱসায় আদি দিশত অঞ্চলটোৰ উন্নয়ন হ’ব। ৰাজ্য চৰকাৰে শিক্ষা-স্বাস্থ্যৰ লগতে বিশেষ ভাৱে যাতায়াতৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে। ৰঙিয়াৰ জয়ন্তিপুৰত বৰলীয়া নৈৰ ওপৰত পকী দলঙৰ আধাৰশিলা স্থাপন কৰি ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই এই মন্তব্য আগবঢ়ায়৷
ৰাইজৰ দীৰ্ঘ দিনিয়া দাবী পূৰণ কৰে বিধায়কগৰাকীয়ে৷ নৈ খনৰ ওপৰত পকী দলং নথকাৰ ফলত ব্যাপক সমস্যাত পৰিছিল ৰাইজে৷ বিধায়কগৰাকীয়ে আধাৰশিলা স্থাপন কৰি আৰু কয় ৰঙিয়া সমষ্টিত যোৱা আঢ়ৈ বছৰত পূৰ্বৰ জৰাজীৰ্ণ পথসমূহ মেৰামতি কৰাৰ উপৰিওঁ কেইবাটাও নতুন পথ পকিকৰণ, কাঠৰ দলং আৰু পকীদলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা অধিক সূচল কৰাৰ বাবে চেষ্টা কৰা হৈছে।
আনহাতে নাৱাৰ্ডৰ অনুদানৰে প্ৰায় চাৰি কোটি দহ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া আধাৰশিলা স্থাপন কৰা দলং খন নিৰ্মাণ হলে উদিয়ানা বালিসত্ৰ সংযোগি পথৰে ৰঙিয়া চহৰৰ সৈতৈ প্ৰায় এশখন গাঁৱৰ ৰাইজৰ উপৰিও হাজো সমষ্টিৰ জনসাধাৰণৰ যাতায়াত সহজ হৈ পৰিব।
ভূটানৰ গাত লাগি থকা ৰঙিয়া চহৰখন এক ব্যৱসায়িক কেন্দ্ৰস্থল হিচাপে গঢ়ি উঠিব বুলি বিধায়ক কলিতাই উল্লেখ কৰে। পিছতে বিধায়কগৰাকীয়ে ইতিমধ্যে সম্পূর্ণ হৈ উঠা উদিয়ানা বালিসত্ৰৰ প্ৰায় ৪৯ লাখ টকাৰে নিৰ্মাণ কৰি উলিওৱা পথৰ শুভ উদ্বোধন কৰে। দুয়োটা কাৰ্যসূচীৰ অন্তত বিধায়কগৰাকীয়ে প্ৰায় ৫৫ লাখ টকাৰে নিৰ্মাণ কৰিবল লোৱা ৰঙিয়া চহৰৰ ষ্টেছনলৈ যোৱা ওল্ড এন টি পথৰ আধাৰশিলা স্থাপন কৰে৷