
খৈৰাবাৰীঃ ফোন টেপিঙৰ যোগেদি আৰক্ষীয়ে ধৰা পেলালে নিৰুদ্দেশ মহিলাসহ এজনক। যোৱা ১৫ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ থকা ওদালগুৰি জিলাৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত জালুকবাৰী গাঁৱৰ অনিল বড়োৰ পত্নীক সৰুপথাৰ আৰক্ষীয় প্ৰায় ২৬ দিনৰ অনুসন্ধানৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
নিৰুদিষ্ট বড়ো মহিলাসহ আব্দুল কালাম ওৰফে ৰাজেশ বৰাক আটক কৰাত দীৰ্ঘ দিনীয়া নাটকৰ যৱনিকা পৰে৷ বিৱৰণী মতে, নিৰুদ্দেশ হোৱাৰ পূৰ্বে ৰং নম্বৰযোগে দুয়োজনে কিছুদিন কথা বতৰা অব্যাহত আছিল৷ সৰু পথাৰৰ দুই নম্বৰ কৈৰি গাঁৱৰ প্ৰয়াত আব্দুল গণিৰ পুত্ৰ আব্দুল কালামে (৩৫) নিজকে ৰাজেশ বৰা বুলিহে চিনাকী দিছিল৷
ৰাজেশ ওৰফে আব্দুলে নিজকে ফাঁকি দি ১৫ মাৰ্চত ৰঙিয়ালৈ মহিলাগৰাকীক ফোনেৰে মাতে যদিও দুয়ো গৈ ডিমাপুৰত লগ হয়। ৰাজেশ বুলি পৰিচয় দিয়া মুছলমান সম্প্ৰদায়ৰ অাব্দুল পেছাত দমকল মিস্ত্ৰী আৰু তিনিটা সন্তানৰ পিতৃ৷
আৰক্ষীয়ে ফোন টেপিঙৰ যোগেদি বুধবাৰে দুয়োকে আটক কৰি আজি খৈৰাবাৰী থানালৈ লৈ আহে৷ আব্দুল কালামৰ বিৰুদ্ধে খৈৰাবাৰী থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ৩৬৬ ধাৰাৰ অধীনত এম এম আৰ ০৪/১৭ আৰু ০৯/১৭ দুটা গোচৰ তৰা হৈছে।