
তেজপুৰঃ তেজপুৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে উদ্যোগ আৰু বাণিজ্য মেলা৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মেলা উদ্ধোধন কৰাৰ কথা আছিল যদিও বিশেষ কাৰণত মুখ্যমন্ত্ৰী তেজপুৰত উপস্থিত হ’ব নোৱাৰাত তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই উদ্ধোধন কৰে উদ্যোগ আৰু বানিজ্য মেলা৷
ঐতিহ্যমণ্ডিত তেজপুৰৰ নেহেৰু ময়দানত শুকুৰবাৰৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব এই মেলা৷ শুকুৰবাৰে পুৱা তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই মেলা উদ্ধোধন কৰাৰ পিছতে শোণিতপুৰ জিলাৰ উপাযুক্ত মনোজ কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত উদ্যোগ আৰু বাণিজ্য শীৰ্ষক আলোচনা সভা৷
সভাত তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মা, তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘল উপস্থিত থাকে। দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ কেইবাটাও বাণিজ্যৰ সৈতে জড়িত গোটে মেলাত অংশ গ্ৰহণ কৰে৷ প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠানৰ লগতে প্ৰদৰ্শন অনুষ্ঠিত হ’ব বুলিও জানিবলৈ দিয়ে প্ৰশাসনে।
১৯ ডিচেম্বৰত অন্তিম দিনৰ কাৰ্যসূচীত ৰাজ্যপাল জগদীশ মুখী উপস্থিত থাকিব৷ আনহাতে মেলাক লৈ ব্যাপক খেলি-মেলি হোৱাৰো অভিযোগ উত্থাপন হয়৷ একাংশ থলুৱা মহিলাক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হয়৷