ফিল'বাৰীঃ তিনিচুকীয়া জিলাৰ পেঙেৰীত হাতী মানুহৰ সংঘাট অব্যাহত থকাৰ ফলত শ-শ লোকৰ নিদ্ৰা হৰণ হৈছে৷

পেঙেৰী লোকসকলৰ হাতীৰ তাণ্ডৱৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ খাদাৰ সন্ধানত জংঘলৰ পৰা ওলাই অহা হাতীৰ জাকে ঘৰ-বৰ ভাঙি পেলোৱাৰ লগতে খেতি-পথাৰ তহিলং কৰি তাণ্ডৱ অব্যাহত ৰাখিছে৷

তাৰ মাজতে শুকুৰবাৰে নিশা পেঙেৰীত পুনৰ তাণ্ডৱ চলাই৷ এটি হাতীৰ জাকে নিশা পেঙেৰীৰ ডিব্ৰুজানত বনৰীয়া হাতীৰ আক্ৰমণত এটুৱা উৰাং (৩২) নামৰ দৰিদ্ৰ লোক এজনৰ মৃত্যু হয়। ডিব্ৰুজানত শুকুৰবাৰে নিশা হাতীৰ জাকৰ সৈতে মুখা-মুখি হোৱাৰ সময়তে আক্ৰমণ কৰি শুৰেৰে আছাৰাৰ ফলত মৃত্যু হয়।