নগৰবেৰাঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিচৰত শৌকাতুল ইছলাম হাফিজীয়া মাদ্ৰাছাৰ ২০তম বাৰ্ষিক অধিৱেশন উপলক্ষে এক বিশাল ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে৷

দস্তৰ বন্দী আলোপতি শান্তিপুৰ মাদ্ৰাছা প্ৰাংগনত অহা ১৯ ডিচেম্বৰৰ দিনৰ ২ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ধৰ্ম সভাত সভাপতিত্ব কৰিব আলহাজ ড০ আতাউৰ ৰহমানে।

হাফিজ জেহেৰুল ইছলামৰ পবিত্র কোৰাণ পাঠেৰে আৰম্ভ হ’বলগীয়া সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব দাৰুল উলুম দক্ষিণ কামৰূপ ছয়গাঁৱৰ মোহতামিম মৌলানা মুফতি আফছাৰ আলী আল কাছিমিয়ে। সভাত মুফতি মৌলানা ফাৰুক হাছান, হাফিজ মৌলানা মোজাফাৰ উপস্থিত থাকে৷