গোৰেশ্বৰঃ প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত আপোন পাহৰা হ’বলৈ হয়তো আপুনিও বিচাৰে। তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত আপুনি হয়তো দিনৰ দিনটো যন্ত্ৰৰ দৰে কাম কৰিছে। নতুবা কংক্ৰিটৰ মহানগৰত আপুনি সেউজীয়া কি সেয়া পাহৰি পেলাইছে। তেন্তে আপুনি প্ৰকৃতিৰ ৰম্য ভূমি বগামাটিলৈ আহি প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত আপোন পাহৰা হ’ব পাৰে। আপোনাক বগামাটিয়ে আপোনাক হাত বাউল দি মাতিছে। ভূটান পাহাৰৰ বুকু ফালি বৈ অহা নদী খনে আপোনাক আপোন পাহৰা কৰিব।

ওখ ওখ সেউজীয়া পাহাৰ-শুভ্ৰ শিল, গছবােৰে আপোনাক আপোন পাহৰা কৰিব। ক্ষন্তেকৰ বাবে হলেও আপুনি প্ৰকৃতিৰ সৈতে একাত্ম হ’ব পাৰিব। ভূটান পাহাৰৰ পৰা বৈ অহা বৰনদীৰ নিৰ্মল জলধাৰাৰ বাবে ভাৰত-ভূটান সীমান্তৰ বগামাটিয়ে পৰ্যটকৰ মন মুহিবলৈ সক্ষম হৈছে। পৰ্যটনস্থলী বগামাটিয়ে বিগত প্ৰায় দহটা বছৰে ৰাজ্যৰ লগতে দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ নৱবৰ্ষ আহি পোৱাৰ লগে লগে ন’-সাজেৰে পুনৰ পৰ্যটকৰ বাবে সাজু- হৈছে প্ৰকৃতিৰাণী বগামাটি।

বাক্সা আৰু ওদালগুৰি সীমান্তৰ বৰনদী অভয়াৰণ্যৰ সমীপৰ প্ৰকৃতিৰাণী বগামাটিক আনুষ্ঠানিকভাবে ফিটা কাটি পৰ্যটকৰ বাবে মুকলি কৰে বিটিচিৰ ৩০নং শুক্লাই চেৰফাং সমষ্টিৰ টিএলচিচিৰ অধ্যক্ষ ৰুদ্ৰ চুবেদীয়ে। দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটা বগামাটিত বৌদ্ধ মূৰ্ত্তি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। নলগাহৰিৰ বাবে বিশ্ব বিখ্যাত বৰনদী অভয়াৰণ্যৰ গাতে লাগি থকা বগামাটিত ময়ুৰ, ধনেশ পক্ষী, বনৰীয়া হাতী, বাঘ, ভালুক আদিৰ বিচৰণস্থলী। ভূটান পাহাৰৰ মাজেৰে বৈ আহি বগামাটিত প্ৰৱেশ কৰা বৰনদীৰ নিৰ্মল আৰু স্বচ্ছ পানীয়ে মন হৰি নিয়ে দেশী-বিদেশী পৰ্যটকৰ।

এইবেলি বগামাটিৰ বৰনদীৰ পানী নিৰ্মল আৰু স্বচ্ছ হোৱাত পৰ্যটনস্থলী বগামাটিলৈ পৰ্যটকৰ সোঁত বোৱাৰ সম্ভাৱনা প্ৰবল। কিয়নো ব্ৰহ্মপুত্ৰ নদীৰ পানী ঘোলা হৈ থকাত ইয়াৰ সৈতে সংলগ্ন হৈ থকা পৰ্যটনস্থলী সমূহত বনভোজ খাবলৈ যোৱাটো পৰ্যটকৰ বাবে এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেই সময়ত বৰনদীৰ পানী পৰিস্কাৰ হৈ থকাত বিশেষ সমস্যা হোৱা নাই। মনকৰিবলগীয়া যে ভূটানত আলফাৰ বিৰুদ্ধে অপাৰেচনৰ অল ক্লিয়াৰ চলাৰ সময়ত বগামাটি হৈ পৰিছিল অতি ভয়ংকৰ। ইয়াৰোপৰি বিভিন্ন উগ্রপন্থী সংগঠনৰ সুৰক্ষিত স্থান হিচাপেও এসময়ত বগামাটিৰ এক বদনাম আছিল।

কিন্তু সময় সলনি হোৱাৰ লগে লগে বগামাটিৰ মনোমোহা প্ৰকৃতিয়ে সকলোকে হাত বাউল দি মাতিবলৈ আৰম্ভ কৰিলে৷ এতিয়া বছৰৰ নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ বগামাটি জাতিস্কাৰ হৈ পৰে। ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু স্থানীয় ই এম গণেশ কচাৰী আৰু দাউৰাইঝাৰ ইকো টুৰিজিম চোচাইটিয়য়ে বগামাটিক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। অসমৰ পৰ্যটন মানচিত্ৰত স্থান লাভ কৰা বগামাটিলৈ যোৱা পথটোৰো নিৰ্মাণ কাৰ্য চলি আছে। বাইহাটা চাৰিআলি-গোৰেশ্বৰ-বগামাটি পথৰ কাম প্ৰায় ৬০ শতাংশ সম্পূর্ণ হৈ উঠাত যাতায়তৰ পূৰ্বৰ দুৰ্ভোগ এইবেলি ভোগ কৰিব নালাগে পৰ্যটকে।

বগামাটিত এইবেলি এশ ফুট দীঘল আৰু চাৰিশ ফুট বহল যান বাহন পাৰ্কিঙৰ বাবে সুকীয়াকৈ পাৰ্কিঙ প্লেচ নিৰ্মাণ কৰি থকাৰ লগতে শীঘ্ৰে অতিথিশালাৰো নিৰ্মাণ কৰা হ'ব বুলি জানিব পৰা গৈছে। বৰনদীত নৌকা বিহাৰ আৰু ৰাফটিং কৰাৰ সুন্দৰ ব্যৱস্থাপনা পৰ্যটকৰ বাবে আন এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বগামাটিৰ বগৰীৰো আছে বিশেষ বৈশিষ্ট্য। ইপিনে গাহৰি মাংস পোৰাৰে পৰা আৰম্ভ কৰি প্ৰায়বোৰ থলুৱা আৰু জনজাতীয় খাদ্য সম্ভাৰ উপলদ্ধ বগামাটিত। একপ্ৰকাৰ বছৰটোৰ শেষত প্ৰকৃতিৰ কোলাত এদিন এসাজ খোৱাৰ হাবিয়াসেৰে অহা পৰ্যটকৰ বাবে সকলো খনি দিবলৈ সাজু হৈছে প্ৰকৃতিৰাণী বগামাটি।