চাবুৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড় জিলাৰ বাট-পথৰ দুৰৱস্থাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ জিলা খনৰ বেছি ভাগ গ্ৰাম্য পথেই জৰাজীৰ্ণ৷ গাড়ী-মটৰ চলাচল কৰিবলৈ উপয়ুক্ত হৈ থকা নাই মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ বাট-পথ৷

বহু পথৰ দৰেই জিলা খনৰ অন্যতম ব্যস্ত চাবুৱা-টেঙাখাত গড়কাপ্তানী পথ এতিয়া গাড়ী-মটৰ চলাচল কৰিব পাৰ পৰিৱেশ নোহোৱা হৈছে৷ পথটোত গাড়ী-মটৰৰ চলাব পৰা পৰিৱেশ নথকাৰ লগতে নিতৌ দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ পথটো মেৰামতিৰ অবাৱত এনে পৰিৱেশৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিয়ে।

সংগঠন দুটাই ২৭ নৱেম্বৰৰ পৰা পথটোত গধুৰ যান-বাহনৰ চলাচল বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম বুলি হুংকাৰ দিছিল৷ সংগঠনৰ হুংকাৰ প্ৰদানৰ পিছতে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ আৰু স্থানীয় প্ৰশাসনে চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত সংগঠন দুটাৰ সাতে আলোচনাত মিলিত হৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষই ১০ দিনৰ পিছৰ পৰা পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰি শীঘ্ৰে সম্পূৰ্ণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

কিন্তু অইলে দিয়া প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হ’ল৷ ২০ দিন পাৰ হৈ যোৱাৰ পিছতো অইল ইণ্ডিয়া কৰ্তৃপক্ষই পথটোৰ প্ৰকাণ্ড গাতসমূহ পুতি নিদিয়াত জাঙুৰ খাই উঠিছে সংগঠন দুটাই। অইল ইণ্ডিয়া কৰ্তৃপক্ষক ২৪ ঘন্টাৰ ভিতৰত পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰাৰ দাবী জনাই অন্যথাই বৃহত্তৰ চাবুৱা-টেঙাখাত অঞ্চলত থকা অইলৰ কাম বন্ধ কৰি দিয়া হ'ব বুলি সংগঠন দুটাই সকিয়াই দিয়ে।