তেজপুৰঃ দুদিনীয়া ভ্ৰমণসূচীৰে এতিহ্যমণ্ডিত শোণিতপুৰ জিলাত উপস্থিত হয় ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখী৷ ৰাজ্যত শেহতীয়া উগ্ৰপন্থীৰ কাৰ্যকলাপৰ পিছতে ৰাজ্যৰ খনৰ সেনাৰ মুখ্যস্থল শোণিতপুৰ তথা তেজপুৰ চহৰত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখীয়ে৷

ৰাজ্যপালগৰাকীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ সুযোগ লৈ উগ্ৰপন্থীয়ে যাতে কোনো কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে চোৰাংচোৱা আৰু নিৰাপত্তা বাহিনীক সজাগ কৰাৰ বাবে তেজপুৰত সেনাৰ মুব্বীৰ সৈতে বিশেষ আলোচনাত মিলিত হ’বৰ বাবে যোৱা বুলিও প্ৰচাৰ হয়৷

আনহাতে শোণিতপুৰত উপস্থিত হৈ অসম-অৰুণাচল সীমান্তত এন ডি এফ বিৰ গতিবিধিৰ প্ৰতি লক্ষ্য ৰাখি অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৰাজ্যপাল জগদীশ মুখীয়ে৷ সোমবাৰে নিশা ৰাজ্যপাল মুখী তেজপুৰত উপস্থিতি হৈ শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত তেজপুৰৰ বিশিষ্ট নাগৰিকৰ লগতে শোণিতপুৰ জিলাৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হয়।

আলোচনাত জিলা উপায়ুক্ত মনোজ কুমাৰ ডেকা আৰু আৰক্ষী অধীক্ষক এচ এম সিং উপস্থিত থাকি মত বিনিময় কৰে। ইফালে সেনাৰ চতুৰ্থ ক'ৰৰ শীৰ্ষ বিষয়া, অৰ্ধসামৰিক বাহিনীৰ সৈতেও এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৰাজ্যপালগৰাকীয়ে৷

মঙলবাৰে তেজপুৰস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত অনুষ্ঠিত গোপন বৈঠকত উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়ে ৰাজ্যপালগৰাকীয়ে৷ দুদিনীয়া ভ্ৰমণসূচীৰে তেজপুৰত উপস্থিত হোৱা ৰাজ্যপাল জগদীশ মুখীয়ে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়া, জ্যেষ্ঠ নাগৰিক, সামাজিক সংগঠন, তেজপুৰ বিশ্ববিদ্যালয়, এন চি চিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷