
মাৰ্ঘেৰিটাঃ ৰাজ্যত প্ৰতিদিনে পথ দুৰ্ঘটনাত মানুহৰ মৃত্যু হৈ অহাৰ সময়তে এইবাৰ গাড়ীৰ খুন্দাত মৃত্যু হ’ল বাঘৰ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত পাৱৈ ৰেলৱে ষ্টেছনৰ সমীপত ৰাষ্ট্রীয় ঘাইপথত গাড়ীৰ খুন্দাত মৃত্যু হয় নাহৰফুটুকীৰ৷
জানিব পৰা মতে, একাংশ লোকে প্ৰকাণ্ড নাহৰফুটুকীটোক পথৰ দাতিত পৰি থকা প্ৰত্যক্ষ কৰে৷ নিশা প্ৰায় ১.৩০ বজাত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় বুলি অনুমান কৰা হৈছে। বাঘটোৱে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিব খোজোতেই কোনো দ্ৰুত বেগত অহা বাহনে খুন্দা মৰাৰ ফলত মৃত্যু মুখত পৰে৷
পাছত স্থানীয় লোকৰ লগতে ডিগবৈ আৰক্ষী আৰু মাৰ্ঘেৰিটা বন বিষয়া ঘটনা স্থলীত উপস্থিত হৈ বাঘটোৰ মৃত্যু হোৱা বুলি নিশ্চিত হয়। বাঘটোৰ বয়স প্ৰায় ১৫ বছৰ হ’ব বুলি কয় বন বিভাগে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মাৰ্ঘেৰিটা পূৰ্ব আঞ্চলিক বন বিষয়া কাৰ্যালয়ত স্থানীয় ৰাইজৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰে বন বিভাগৰ লোকে৷
ঘন কুঁৱলীৰ বাবে ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে যদিও একাংশ লোকে নিয়ম-নীতি পালন নকৰি তীব্ৰ গতিত গাড়ী চলোৱাৰ ফলত বন্য জীৱ জন্তু মৃত্যু মুখত পৰে বুলি কয় ডিগবৈৰ ডিএফঅ’ বিপুল বৰা আৰু মাৰ্ঘেৰিটাৰ আঞ্চলিক বন বিষয়া ধ্রুৱজ্যোতি দত্তই৷