
বঢ়মপুৰঃ শৰালিৰ ৬ মাহ যেন নিদ্ৰাহৰণ হয় নগাঁও জিলাৰ চামগুৰিৰ লোকসকলৰ৷ প্ৰতিটো নিশাই হাতীৰ জাকে জনাঞ্চলত প্ৰবেশ কৰি তাণ্ডৱ চলোৱাৰ ফলত জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত দিন পাৰ কৰিব লগা হয় শ-শ পৰিয়ালে৷ বছৰ বছৰ ধৰি পাহাৰৰ পৰা ওলাই অহা হাতীৰ জাকে অঞ্চলটোত বিস্তৰ ক্ষতি কৰি আহিছে যদিও বন বিভাগ তথা চৰকাৰে থলুৱা অসমীয়াৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়৷
প্ৰতিদিনে শান্তিৰে শুব নোপোৱা লোকসকলে একপ্ৰকাৰ সন্তান, পৰিয়াল তথা ঘৰ খনক লৈ চিন্তাত দিন পাৰ কৰিব লগা হৈছে৷ যোৱা ডেৰ মাহ ধৰি হাতীয়ে তাণ্ডৱ চলোৱাৰ লগতে বুধবাৰে নিশাও বনৰীয়া হাতীৰ জাকে চামগুৰি অঞ্চলত তাণ্ডৱ চলাই৷ চামগুৰিৰ গেন্ধালি কছাৰী গাঁও, মহনবস্তি, কুৰুৱাবাহীত গাঁৱত নিশা প্ৰায় ১০ জনীয়া হাতীৰ জাক এটি প্ৰবেশ কৰে৷
হাতীৰ জাক প্ৰবেশ কৰাৰ খবৰে আতংকৰ সৃষ্টি কৰে৷ বনৰীয়া হাতীৰ জাকটোৱে গেন্ধালি কছাৰী গাঁও, মহনবস্তি, কুৰুৱাবাহীত কেইবাটাও পৰিয়ালৰ ঘৰৰ ভিতৰত থোৱা ধান থাই আৰু নষ্টি কৰে৷ কেইবাটাও পৰিয়ালৰ পকী ঘৰৰ দেৱাল ভাঙি তাণ্ডৱ চলাই বিস্তৰ ক্ষতি সাধন কৰে৷
হাতীৰ জাকটোৱে ঘৰ-দোৱাৰ ভাঙি ঘৰৰ ভিতৰত ধানো খাই৷ কেইবাটাও পকী ঘৰে ভাঙি পেলোৱা হাতীৰ জাকটোৱে বৰ্তমানেও গাঁও কেইখনত থিতাপি লৈ থকাত আতংকিত হৈ পৰিছে ৰাইজ৷ বনবিভাগে হাতীৰ জাকটোক খেদাৰ ব্যৱস্থা কৰাটো দূৰৰ কথা খবৰ লবলৈও আবৰি পোৱা নাই৷ আনহাতে হাতীৰ জাকটোৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে এটা পৰিয়ালৰ। পৰিয়ালটোৰ শোৱাপাটিৰ ওপৰতেই খহি পৰে পকী বেৰ আৰু খি