15
Apr
2017

প্ৰতীক ফটো
চিলাপথাৰঃ ৰঙালীৰ ৰঙক লৈ সৰ্বত্ৰ ব্যস্ততাৰ মাজতে চিলাপথাৰৰ গেলুৱাত দুটা ফৈদৰ মাজত সংঘটিত কাজিয়াৰ বাবে সৃষ্টি হৈছে তীব্ৰ উত্তেজনা৷ প্ৰাপ্ত বাতৰি মতে চিলাপথাৰ দীঘলিৰ দুজন যুৱকে কালি সন্ধিয়া টিভি ৰিচাৰ্জ ভৰাই ওভতাৰ বাটত এদল গৰু বেপাৰীৰ আক্ৰমণৰ বলি হয়।
প্ৰচণ্ড মাৰপিট কৰাতে ক্ষান্ত নাথাকি দুয়োকে বান্ধি ৰাখে বুলি জানিব পৰা গৈছে। ইপিনে আবদ্ধ যুৱক দুজনক মোকলাই আনিবলৈ গৈ আন কেইবাজনো লোক আক্ৰমণৰ সন্মুখীন হয়।
এই খবৰ বিয়পি পৰাৰ লগে লগে আজি অৰ্ধসহস্ৰাধিক লোক গেলুৱাত উপস্থিত হৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে। প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়।
ইতিমধ্যে আৰক্ষীয়ে চাৰিজনকৈ অভিযুক্তক আটক কৰে যদিও আৰু ৩০জন অভিযুক্তক কৰায়ত্তৰ দাবী জনাইছে স্থানীয় ৰাইজে। পিছত ঘটনাস্থলীত জ্যেষ্ঠ আৰক্ষী বিষয়া লাচিত বৰুৱা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।