বিহালীঃ শনিবাৰৰ দিনটোতে ৩১ জন নিৰীহ অসমীয়াক গুলীয়াই হত্যা কৰিছথিল এনডিএফবিয়ে৷ নিশাৰ এন্ধাৰত একে-৪৭ৰ গুলীৰে থকা-সৰকা কৰিছিল দৰিদ্ৰ, শ্ৰমিক, শিশু আৰু মহিলাক৷ ২০১৪ চনৰ ২৩ ডিচেম্বৰৰ নিশা কাল নিশা হৈ নামি আহিছিল বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তৰ সোণাজুলী-ফুলবাৰী অঞ্চললৈ৷ একাংশ যুৱকে হাতে হাতে বন্দুক লৈ নিৰ্বিচাৰ গুলী চলাই ৩১ জন নিৰীহ অসমীয়াক হত্যা কৰি তেজৰ ফাকু খেলিছিল৷

কেচুৱাক হত্যা কৰিবলৈ কুন্ঠাবোধ কৰা নাছিল৷ আসুৰিক তৃপ্তি লাভৰ স্বাৰ্থত মানৱতাক ভূলুন্ঠিত কৰিছিল সেই নিশা৷ স্বাধীন বড়ো ৰাজ্যৰ দাবীত হাত মাৰানাস্ত্ৰ তুলি লোৱা একাংশ যুৱকে দুবেলা দুমুঠি পেটৰ ভাতৰ বাবে কপালৰ ঘাম মাটিত পেলোৱা দৰিদ্ৰ শ্ৰমিকৰ ওপৰত গুলী চলাই বীৰত্ব দেখুৱাইছিল৷ বেদনাদায়ক অধ্যায়ক আজিও পাহৰিব পৰা নাই ৰাইজে৷

আজিও সেইদিনটোৰ কথা ভাবি শিয়ৰি উঠে শ-শ লোকে৷ অসমীয়াৰ তেজেৰে ফাকু খেলাৰ চাৰি বছৰ ভৰি দিলে৷ কিন্তু এই ঘটনাৰ প্ৰাণ হেৰুৱা লোকসকলে ন্যায় নাপালে৷ আজিও ন্যায়ৰ অপেক্ষাত ৰাইজষ আশাপুহি ৰাখিছে ন্যায় লাভৰ৷ সোণাজুলী-ফুলবাৰী আৰু তিনিসুঁতি কাণ্ডই আজি তিনি বছৰত ভৰি দিলে৷ সীমান্তত বাস কৰা অসহায় লোকসকলৰ জীৱন-সম্পতিৰ নিৰাপত্তা চৰকাৰে দিব নোৱাৰিলে তিনি বছৰ পিছতো৷ আমোলা মন্ত্ৰী, নেতাৰ বিৰাট সমাগম ঘটিছিল সেই সময়ত৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিশ্বনাথলৈ আহি বুজ লৈছিল হত্যালীলাৰ৷ ঘটনাস্থলী পৰিদৰ্শণ কৰি সীমান্তবাসীক প্ৰদান কৰিছিল সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি৷ কিন্তু সকলো প্ৰতিশ্ৰুতি হৈ ৰল৷ সেই সকল নিৰীহক শনিবাৰে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰি স্মৰণ কৰি ন্যায় লাভৰ বাবে চৰকাৰক ঘটনাৰ পুনৰ তদন্ত কৰিবলৈ আহ্বান জনায়৷ সভাত বিশ্বনাথ আৰু বিহালীৰ প্ৰতিটো জাতীয়তাবাদী ছাত্ৰ সংগঠনে সীমান্তত বসবাস কৰি অহা খিলঞ্জীয়া লোকসকলক ভূমি পট্টা প্ৰদান কৰাৰ লগতে আন-আন সমস্যা সমুহ পুৰনৰ দাবী জনাই৷