তেজপুৰ টাউনঃ অসমীয়া জাতিৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমৰ সকলো লোকে এনআৰচিৰ কাম-কাজক লক্ষ্য কৰি থকা পৰিলক্ষিত হৈছে৷ তাৰ লগে লগে ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীয়ে দিনে নিশাই কাম কৰি আছে এনআৰচিৰ বাবে৷

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৰাজ্যৰ ইখনৰ পৰা সিখন জিলা পৰিভ্ৰমণ কৰি বিষয়া-কৰ্মচাৰীক কৃতজ্ঞতা জ্ঞাপন কৰি অবৈধ বাংলাদেশীৰ নাম এনআৰচিত যাতে অন্তৰ্ভূক্ত নহয় তাৰ বাবে তন্ন-তন্নকৈ নথি পৰীক্ষা কৰাৰ আহ্বান জনাই আহিছে৷

শোণিতপুৰ জিলাক NRCৰ ক্ষেত্রত স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত কৰে প্ৰশাসনে। NRC খচৰা প্ৰকাশৰ বাবে মাজত মাথো ৮টা দিন বাকী থকাত শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত NRC সেৱা কেন্দ্ৰসমূহ ব্যাপক ব্যস্ত হৈ পৰিছে৷

ৰাজহ চক্ৰৰ অন্তৰ্গত সৰ্বমুঠ ২৪টা পঞ্চায়তত নথিৰ পৰীক্ষণৰ কাম চলি আছে। ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা, অসম সেনা, এবছু, টিএমপিকে, আক্ৰাছু, আগছুকে ধৰি বহুকেইটা জাতীয় সংগঠনে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত NRCৰ দ্বায়িত্বত থকা চক্ৰ বিষয়াৰ লগতে অতিৰিক্ত উপায়ুক্তৰ সৈতে মত বিনিময় কৰি অবৈধ বাংলাদেশীৰ নাম এনআৰচিত যাতে অন্তৰ্ভূক্ত নহয় তাৰ বাবে তন্ন-তন্নকৈ নথি পৰীক্ষা কৰাৰ আহ্বান জনায়।