
নগাঁওঃ বিশ্ব ভ’ভিনাম ফেডাৰেশ্বনৰ স্বীকৃতিপ্ৰাপ্ত আছাম ভ’ভিনাম এছ’ছিয়েচনৰ নগাঁও জিলা সমিতি গঠন কৰা হয়৷ নগাঁও চহৰৰ আমোলাপট্টিত অনুষ্ঠিত হোৱা এখন সভাত আছাম ভ’ভিনাম এছ’ছিয়েচনৰ উপ-সভাপতি ড০ হীৰক দাসৰ উপস্থিতিত সমিতিখন গঠন কৰা হয়৷
ড০ হীৰক দাসক সভাপতি, মিন্টু গোস্বামীক সম্পাদক, মৃণাল কুমাৰ মহন্ত, ৰাকেশ শইকীয়া আৰু ৰিপুঞ্জয় কলিতাক সাংগঠনিক সম্পাদক(মিডিয়া আৰু ইভেন্ট), ৰিংকুমনি হাজৰিকাক কোষাধ্যক্ষ, পাৰ্থ প্ৰতীম বৰদলৈ আৰু ৰাজা ৰয়ক পঞ্জীয়ক, দেৱ কুমাৰ কলিতা, ডাঃ ময়ুৰ পংখী শইকীয়া, পৰাণ কুমাৰ ভূঞা, চন্দ্ৰজিৎ দাস আৰু ৰঞ্জনজ্যোতি মহন্তক উপদেষ্টা আৰু লক্ষ্যজ্যোতি গোস্বামীক আইনী উপদেষ্টা হিচাপে লৈ নগাঁও ভ’ভিনাম এছ’ছিয়েচনৰ ২১ জনীয়া সমিতিখন গঠন কৰা হয়৷
উল্লেখ্য,ভ’ভিনাম হৈছে ভিয়েটনামৰ এক সমৰকলাৰ কৌশল বিশেষ৷ যুৱক-যুৱতী নতুবা কিশোৰ-কিশোৰীসকলৰ আত্ম সুৰক্ষা, আত্মনিয়ন্ত্ৰণ, আত্মবিশ্বাস তথা মানসিক শক্তিৰ উত্তৰণত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ভ’ভিনাম সমৰকলাই৷