গৌৰীসাগৰঃ ৬ বছৰীয়া অসম আন্দোলনৰ স্মৃতি অসমীয়া জাতীয়ে কেতিয়াও পাহৰিব নোৱাৰে৷ অসমীয়াই পাহৰিব নোৱাৰে সেই স্মৃতিবোৰ৷ বিদেশী মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসমৰ ডেকাই জপিয়াই পৰিছিল এই আন্দোলনত৷ অসমীয়া ডেকাই আৰক্ষীৰ বন্দুকৰ গুলী, লাঠীৰ কোব সহ্য কৰিব লগা হৈছিল অসমী আইৰ স্বাৰ্থত৷ ৮৫৫ গৰাকী অসমৰ তেজাল যুৱক শ্বহীদ হৈছিল৷

বহু যুৱক ঘূনীয়া হৈছিল৷ ৬ বছৰীয়া স্মৃতি ৰোমন্থন কৰাৰ বাবে মহামিলনৰ ঐতিহ্যক্ষেত্র ঐতিহাসিক দিখৌমুখত মিলিত হ'ল ৮০ দশকৰ ছাত্র সংগঠনৰ নেতাসকল৷ অসম আন্দোলনত জপিয়াই পৰি নিজ মাতৃভূমিক ৰক্ষা কৰিবলৈ ওলাই অহা লুইতপৰীয়া ডেকাই অতীতৰ স্মৃতি ৰোমন্থন কৰিবলৈ দেওবাৰে শিৱসাগৰ জিলাৰ শ'ৰাগুৰি চাপৰিৰ দিখৌ দৰিকাৰ ব্রহ্মপুত্রৰ পাৰত একত্ৰিত হয়৷

আন্দোলনৰ স্মৃতি ৰোমন্থন কৰি কোনোৱে বিহুগীত, কোনোবাই স্বদেশ প্রেমৰ কবিতা পাঠ কৰি আপোন পাহৰা হ'ল ঐতিহাসিক শ'ৰাগুৰি চাপৰিত৷ বৰ অসমৰ জাতি গঠন প্রক্রিয়াত লুইত পৰীয়া ডেকাই স্বদেশ আৰু স্বজাতিৰ বাবে দেহে কেহে খাটিছিল৷ অসম আন্দোলনৰ অন্তত বিভিন্নজনে বিভিন্ন কামত ব্যস্ত থকাৰ মাজতে স্মৃতি ৰোমন্থন কৰিবলৈ দেওবাৰে প্ৰাক্তন ছাত্ৰ নেতাসকল একত্ৰিত হয়৷ অতীতৰ স্মৃতিক সজীৱ কৰাৰ উদ্দেশ্যে কোনোৱে শদিয়াৰ পৰা কোনোবা আকৌ ধুবুৰীৰ পৰা আহি একত্ৰিত হয়৷