ৰঙিয়াঃ সেনা-আৰক্ষীয়ে গিজগিজাই থকা ৰঙিয়া চহৰত সংঘটিত হৈ গৈছে এটাৰ পিছত এটা অঘটন৷ যোৱা কিছুদিনৰ ভিতৰত দিৰ্বৃত্তই কেইবাগাৰকী লোকক লুটি নিয়াৰ সময়তে সোমবাৰে নিশা খেলপথাৰত নিৰ্মাণ কৰা অস্থায়ী পেণ্ডেল জ্বলাই দিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সমীপত আৰক্ষীৰ ছাউনী থকাৰ পিছতো 
ৰঙিয়াত খেলপথাৰত নিৰ্মাণ কৰা পেণ্ডেলত দুৰ্বৃত্তই অগ্নি সংযোগ কৰি জ্বলাই দিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰঙিয়া বানাট নগৰ ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত চলি থকা ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে কিছু দিন পূৰ্বে নিৰ্মাণ কৰিছিল পেণ্ডেলটো৷ সোমবাৰে নিশা কোনো দুৰ্বৃত্তই জ্বলাই দিয়ে পেণ্ডেলটো৷ পেণ্ডেলটোৰ ভিতৰত কেইবাটাও মদৰ বটল উদ্ধাৰ হোৱাৰ লগতে চিগাৰেটৰ পেকেট উদ্ধাৰ হয়৷ নিশা কোনো লোকে মদ্যপান কৰাৰো সন্দেহ কৰে ৰাইজে৷

পুৱাৰ ভাগত স্থানীয় ৰাইজে পেণ্ডেলৰ কাপোৰ সমূহ পুৰি চাই হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা উদ্যোক্তাসকলক অৱগত কৰে৷  বিষটো ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ দুৰ্বৃত্তই প্ৰথমে মদ্যপান কৰি পেণ্ডেলত জুই লগাই দিয়া বুলি নিশ্চিত হ’ব পৰা গৈছে।
মহকুমা প্ৰশাসনৰ তত্ত্বাৱধানত আছিল খেলপথাৰখন৷