চতিয়াঃ ৰাজ্যত সময়ে সময়ে হাতীৰ মৃত্যু গড় হত্যা কাণ্ড সংঘটিত হৈ অহাৰ সময়তে বুধবাৰে বন বিভাগৰ অভিযানত ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিশ্বনাথ জিলাৰ চতিয়াত৷

জানিব পৰা মতে, বিশ্বনাথ জিলাৰ নৰ্ডাণ ৰেঞ্জৰ জামুগুৰিহাটত গোপন খৱৰৰ ভিত্তিত বন বিভাগৰ এটি দলে অভিযান চলাই৷

অভিযান কালত পাঁচিগাঁও মহমৰা গাঁৱৰ জ্ঞান দাস নামৰ লোকজনৰ পুখুৰীৰ পৰা এটি থ্ৰী নট থ্ৰী ৰাইফল আৰু এটা চাইলেঞ্চাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ নৰ্ডাণ ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰাৰ নেতৃত্বত চলা অভিযানত জ্ঞান দাস নামৰ লোকজনৰ পুখুৰীৰ পৰা ৰাইফলটো উদ্ধাৰ হয়৷ ৰাইফলটো চোৰাং চিকাৰীৰ বুলি সন্দেহ কৰা হৈছে।