
মাৰ্ঘেৰিটাঃ যোৱা ১ এপ্ৰিলৰ পৰা ৰাজ্যত এতিয়া অটল অমৃত যোজনাৰ কাম দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে৷ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জনকল্যাণকামী আঁচনি অটল অমৃত অভিযানৰ হিতাধিকাৰীসকলৰ চিকিৎসাৰ সাহায্য সহায়ৰ বাবে চৰকাৰে দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা, মধ্যবিত্ত লোকৰ সহায়ৰ বাবে এই আঁচনি ৰূপায়ণ কৰিছে৷
দেশৰ একাংশ জনসাধৰণ এই আঁচনিখনৰ খনৰ জৰিয়তে লাভান্বিত হোৱা পৰিলক্ষিত হৈছে৷ দৰিদ্ৰ লোকে যাতে জটিল ৰোগ সমূহৰ চিকিৎসা সহজতে কৰিব পাৰে তাৰ বাবে এই আঁচনি ৰূপায়ণ কৰে৷ হৃদ ৰোগ, কৰ্কট ৰোগ, বৃক্কৰ ৰোগ, নৱজাতকৰ ৰোগ, জুইয়ে পোৰা আৰু স্নায়বিক ৰোগৰ চিকিৎসা কৰাত সহায়ৰ বাবে চৰকাৰে এই আঁচনি ৰূপায়ণ কৰে৷
তিনিচুকীয়া জিলাতো অটল অমৃত যোজনাৰ কাম দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে৷ আনহাতে মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ-জাগুনত অটল অমৃত অভিযান যোজনাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে কোনো ধৰণৰ জাননী-পোষ্টাৰিং নকৰাত আজিও বহু লোক অৱগত হোৱা নাই। আনহাতেশুকুৰবাৰে মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কেতেটং গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত প্ৰায় ৪ হাজাৰ লোকক অটল অমৃত অভিযানৰ স্মাৰ্ট কাৰ্ড বিতৰণ কৰে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই।
মাৰ্ঘেৰিটা কেতেটং গাঁও পঞ্চায়তৰ সভাপতি এম বাহাদুৰ, সম্পাদক হৰিলাল শৰ্মা, মাৰ্ঘেৰিটা ভাৰতীয় জনতা পাৰ্টিৰ সদৰ মণ্ডলৰ সম্পাদক চিৰঞ্জীৱ লামা, ভাৰতীয় জনতা পাৰ্টিৰ মাৰ্ঘেৰিটা মণ্ডলৰ মিডিয়া চেলৰ সদস্য সাগৰ ভূঞাৰ উপস্থিতিত কাৰ্ড সমূহ বিতৰণ কৰে বিধায়কগৰাকীয়ে৷