17
Apr
2017

কাজিৰঙাঃ কাজিৰঙাৰ হাতীখুলীত যোৱা নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজনকৈ আৰক্ষী। শিৱসাগৰৰ পৰা গুৱাহাটী অভিমুখী ব্ৰহ্মপুত্ৰ নামৰ নৈশ বাছখনলৈ কোনো অচিনাক্ত দুৰ্বৃত্তই কমাৰগাঁৱত শিলাবৰ্ষণ কৰে।
বাছখনৰ সন্মুখভাগ সম্পূৰ্ণভাৱে চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে কেইবাজনো যাত্ৰী আহত হয়। এই ঘটনাৰ তদন্ত কৰি SDPO বিতুল চেতিয়া আৰু ASP ধ্রুৱজ্যোতি বৰাই ঘটনাটোৰ সন্দৰ্ভত আটক কৰা দুজন লোকক লগত লৈ চিনাক্তকৰণৰ বাবে উক্ত নৈশবাছখন কাজিৰঙাৰ হাতীখুলীত ধৰা পেলায়।
আৰক্ষী আৰু বাছখনৰ চালক তথা আৰোহীৰ মাজত কথা-বাৰ্তা চলি থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা ৰঙালাওঁ কঢ়িওৱা এখন তীব্ৰবেগী টাটা মোবাইল গাড়ীয়ে বৰাৰ চৰকাৰী বাহনখন মহটিয়াই নিয়ে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা দুজন আৰক্ষীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।