ধুবুৰীঃ ধুবুৰী জিলাৰ নিউপানবাৰীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈ ২ জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকী লোক আহত হয়৷ গোৱালপাৰা অভিমুখে আহি থকা AS-13C-3533 নম্বৰৰ যাত্ৰীবাহী বাছ এখনে দ্ৰুত গতিত গৈ থকাৰ অৱস্থাত প্ৰকাণ্ড গাতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে৷

ফলত গাড়ীখনৰ হেণ্ডিমেন আৰু এজন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়৷ স্থানী লোকে ততাতৈয়াকৈ আহত লোকসকলক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ ঘটনাস্থলিত বগৰীবাৰী আৰক্ষী প্ৰায় ডেৰঘন্টা পলমকৈ আহি উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি গাড়ীৰে নিব খোজেতেই স্থানীয় লোক উত্তেজিত হৈ পৰে৷

ৰাইজে পথ অৱৰোধ কৰি আৰক্ষী-চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাইজে দীৰ্ঘদিন ধৰি পথটো মেৰামতি কৰাৰ দাবীত প্ৰতিবাদ কৰি আহিছে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ ফলত পথ অৱৰোধ কৰি পথ মেৰামতি কৰাৰ দাবীত উত্তেজিত হৈ পৰে ৰাইজ৷ গড়কাপ্তানী বিভাগৰ পথ মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নাই বুলি ক্ষোভ উজাৰে ৰাইজে৷ ৰাইজে দুৰ্ঘটনাস্থলিত পথ অৱৰোধ কৰি সৰ্বানন্দ সোণোৱাল গ’ বেক, বিজেপি চৰকাৰ গ’ বেক আদি ধ্বনিৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷