
ডিব্ৰুগড়ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাৰ্কত থকা সুধাকন্ঠ ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্তিত বহি ফটো উঠা যুৱতীগৰাকীয়ে অৱশেষত ক্ষমা বিছাৰিলে অসমবাসীক৷ আৱক্ষ প্ৰতিমূৰ্তিটোত বহি এগৰাকী যুৱকীয়ে ফটো উঠি ফেচবুকৰ নিজৰ একাউন্টত আপলোড কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ফটোখন৷ ৰাজ্যত বহু লোকে ফেচবুকত ফটো খন চেয়াৰ কৰি যুৱতীগৰাকীক কাণ্ডজ্ঞানহীন বুলি সমালোচনা কৰিছিল৷
প্ৰতিমূৰ্তিটোৰ মধ্যম অংশত বহি ফটোৰ বাবে পজ দিয়া যুৱতীগৰাকীয়ে অৱশেষত সুধাৰন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত মূৰ দোৱাই সেৱা জনাই চাকি জ্বলাই৷ সেই ফটো ফেচবুকত আপলোড কৰি তেও কৰা ভুলৰ বাবে ৰাইজক ক্ষমা বিছাৰে৷
যুৱতীগৰাকীয়ে ফেচবুকৰ প্ৰতিমূৰ্তিটোৰ সন্মুখত মূৰ দোৱাই সেৱা জনাই থকা ফটো আপলোদ কৰি এনেদৰে কেপচন লিখে "অজানিতে কৰা অপৰাধৰ বাবে ক্ষমা বিচাৰি আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হলোঁ। ড০ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তিৰ আগত বন্তি প্ৰজ্জ্বলন কৰিলোঁ। অনাগত দিনত তেনে ভুল কাম নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিছোঁ সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত। লিখিত ভাৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাই এখন লিখিত আবেদন আগবঢ়ালো। যিহেতু মই ভুল কৰিছোঁ অন্তৰৰ পৰা শুদ্ধ ভাবে ক্ষমা বিচাৰিছোঁ সকলোৰে ওচৰত। কৰ্তৃপক্ষই মোৰ ভুলৰ ক্ষমা কৰি দিছে আৰু শ্ৰদ্ধেয় ড০ পল্লৱী ডেকা বুজৰবৰুৱা বাইদেউৱে মোক শাস্তি হিচাপে মানৱ সম্পদ ভূপেন হাজৰিকা দেৱৰ ওপৰত মন চুই যোৱাকৈ এটি লেখা প্ৰস্তুত কৰিবলৈ দিছে। যিটো বিশ্ববিদ্যালয়ৰ আলোচনীত প্ৰকাশ পাব। পাপৰ প্ৰায়শ্চিত্ত মই মোৰ লেখাটোৰ জৰিয়তে কৰিবলৈ মোক সুবিধা দিয়াৰ বাবে তেখেতৰ ওচৰত মই চিৰকৃতজ্ঞ। গোটেই জীৱন তেখেতৰ আদৰ্শত চলিম বুলি সংকল্পবদ্ধ হৈছোঁ। মানৱ সেৱাই মোৰ এতিয়া কৰ্ম।নিজৰ সুখ দুখ সকলো ত্যাগ কৰিলোঁ আজিৰ পৰা। গোটেই জীৱন মানৱৰ নামত উৎসৰ্গিত কৰিলোঁ আজিৰ পৰা। লগতে মোৰ পিছলৈ গৱেষণা তেওঁক লৈয়ে হ’ব।মোৰ এই বক্তব্য যাতে সকলোৱে পাই তাক চেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ।"
এনেদৰে নিজে কৰা ভুলৰ বাব অসমবাসীৰ ওচৰত ক্ষমা বিছাৰে যুৱতীগৰাকীয়ে৷ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোখনে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে যুৱতীগৰাকীয়ে ক্ষমা বিছাৰে৷ ছচিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি কৰা ফটো খনত যুৱতীগৰাকীয়ে হাঁহি মুখে ফটো উঠা দেখা গৈছিল ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্তিত বহি৷ অসমৰ মান, অভিমান, আৱেগ অনুভূতি অসম ৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্তিত বহি যুৱতীগৰাকীয়ে তোলা ফটো খন কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে৷
যিগৰাকী শিল্পীক শ্ৰদ্ধা জনাই অসমীয়া জাতিৰ প্ৰতিগৰাকী লোকৰ মূৰ দো খাই তেনে লোকক ঘোৰ অপমান কৰি প্ৰতিমূৰ্তিত বহি ফটো উঠিবৰ বাবে পজ দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ জোতা, লংপেন্ট, চাৰ্ট পিন্ধি ফটো উঠি দুই যুৱকে ক্ষমা বিছাৰাৰ পিছতে পুণৰ একেটা ভুলকে কৰিছিল যুৱতীগৰাকীয়ে৷ ফটো খন যোৱা ৫০ ঘন্টাত ভাইৰেল হৈ পৰে৷
ৰাজ্য খনত একাংশ লোকে ছচিয়েল নেটৱৰ্কিং ছাইড যেনে ফেচবুক আৰু মেচেজিং এপ যেনে ৱাটছএপক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এই ফটো খনে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিভিন্ন সময়ত বিদ্বেষজনক মন্তব্য, আপত্তিজনক ফটো-ভিডিঅ’ৰ বাবে বহু লোক জেল হাজোতত যাব লগা হোৱাৰ সময়তে এই ফটোখন ভাইৰেল হৈ পৰে৷ যুৱতীগৰাকীয়ে শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত উপস্থিত হৈ সেৱা লয় যুৱতীগৰাকীয়ে। যুৱতীগৰাকী উক্ত বিশ্ববিদ্যালয়ৰে গৱেষণাৰ ছাত্ৰী বুলি জানিব পৰা গৈছে।