
newsnextone.com | নগাঁওঃ ‘স্বচ্চতাৰ ক্ষেত্রত আমি সকলো দৃঢ় হ’ব লাগিব। তেতিয়াহে নতুন প্রজন্মই এখন সুন্দৰ পৃথিবীত বাস কৰিব পাৰিব’। শনিবাৰে নগাঁও জিলাৰ বৃহত্তৰ কটহগুৰি অঞ্চলৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰি গঞা ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে কটাহগুৰি পানী যোগান আঁচনিৰ শুভ উদ্ধোধন কৰি এই মন্তব্য আগবঢ়ায় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উজনি অসমৰ অতিৰিক্ত মুখ্য অভিযন্তা নাৰায়ন প্রসাদ দাসে।
উল্লেখ্য, বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আজি দিনটোতে অসমৰ নিৰ্বাচিত ১০০ টি নিৰ্মীয়মান পানী যোগান আঁচনিৰ লগতে নগাঁও জিলাৰ ধিং সংমণ্ডলৰ অধীনস্থ কটহগুৰি পানী যোগান আঁচনিখনো শুভ উদ্ধোধন কৰা হয়৷ এই মৰ্মে, অনুষ্ঠানটিত সভাখনিত সভাপতিত্ব কৰে ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ তুলসী নাথে।
সভাত উজনি অসমৰ মাণ্ডলিক কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা তপন কলিতা উপস্থিত থাকি এখন স্বচ্ছ ভাৰতবৰ্ষৰ স্বপ্ন ৰচোতা মহামানৱ মহত্মা গান্ধীৰ এশপঞ্চাশ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি দেশৰ প্রধানমন্ত্রীয়ে সমগ্র দেশতে স্বচ্ছতাৰ বাবে যি কাৰ্যসূচী হাতত লৈছে সেই কাৰ্যসূচী সফল ৰূপত ৰূপায়ন কৰিবৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনায়।
কনিষ্ঠ অভিযন্তা ৰঞ্জিত মহন্তই আঁত ধৰা সভাত ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নৰেন বৰা, কটহগুৰি পানী যোগান আঁচনি উপভোক্তা সমিতিৰ সভাপতি মৌলান বাহাৰুদ্দিন, বিজেপিৰ ধিং টাউন মণ্ডলৰ সভাপতি প্রফুল্ল বৰুৱা, ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা চামচুদ জামান চৌধুৰী, কনিষ্ঠ অভিযন্তা অনুপ কুমাৰ দাস, চিত্র লাল তিমচিনা, শাখা বিষয়া অংকুৰ দাস, নৱজ্যোতি নাথ, ৰুস্তম আলীকে প্রমুখ্য কৰি কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ সদস্য, আত্ম সহায়ক গোটৰ সদস্যৰ লগতে প্রায় চাৰি শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে৷