12
Apr
2019

লখিমপুৰঃ ৰঙালী বিহুৰ প্ৰাকক্ষণত লখিমপুৰত শুকুৰবাৰে বিহু সুৰক্ষা সমিতিৰ সংবাদমেল আয়োজিত কৰা হয়৷ নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত সংবাদমেল অনুষ্ঠিত কৰি বিহুৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ সকলো বিহু সমিতিক সমিতিৰ তৰফৰপৰা আহ্বান জনোৱা হয়৷
লগতে বিহুৰ আয়োজকে অনুস্থানৰ আটাইকেইদিন জাতীয় সাজপাৰ পৰিধান কৰা আৰু ৰাইজৰ বৰঙণিৰে উৎযাপন কৰা আমন্ত্ৰিত শিল্পৰ লগতে স্থানীয় শিল্পীকো সুবিধা দিয়া হ’ব৷
বিহুৰ অনুস্থান বহাগ মাহতে সকলোৱে অনুস্থিত কৰাৰ আহ্বান জনাইছে সমিতিয়ে৷
লগতে নিশা ১২ বজাৰ পূৰ্বে সাংস্কৃতিক কাৰ্যসূচী সামৰিবলৈ সকলো বিহু সমিতিক আহ্বান বিহু সুৰক্ষা সমিতিৰ।
একেটা অঞ্চলতে পৃথকে পৃথকে বিহুৰ অনুস্থান অনুস্থিত কৰাৰ পৰিৱৰ্তে কেন্দ্ৰীয় বিহুটো সকলোৱে একগোট হৈ উৎযাপন কৰিব লাগে বুলি লখিমপুৰ বিহু সুৰক্ষা সমিতিয়ে আহ্বান জনায়৷