লংকাঃ সেনা, অৰ্ধসামৰিক বাহিনী নতুবা আৰক্ষীয়ে দপদপাই থকা নাই হোজাই জিলাত এতিয়া দপদপাই আছে চোৰ-ডকাইতে৷ চোৰ-ডকাইতে মুকলিকৈ ঘুৰি ফুৰিছে হোজাইত৷ যোৱা ৬০ ঘন্টাৰ ভিতৰত এটিএম চুৰি কৰাৰ চেষ্টা, বেংকৰ পৰা ধন লুট কৰাৰ লগতে মঙলবাৰে নিশা মানুহৰ ঘৰৰ চৌহদৰ পৰা এখন ৰয়েল এনফিল্ড চুৰি কৰি নিয়ে চোৰে৷

যাৰ দ্বাৰা প্ৰমাণ হয় হোজাইত যেতিয়াই যি ইচ্ছা তাকেই কৰিব পাৰে চোৰ-ডকাইতে৷ হোজাই জিলাৰত কেবাদিন ধৰি সংঘটিত হৈ থকা চুৰি-ডকাইতি কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ লংকাত সংঘটিত হল আন এক চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা৷

চুৰিকাণ্ডৰ সকলো দৃশ্য আবদ্ধ হৈ ৰল চিচিটিভিৰ কেমেৰাত৷ জানিব পৰা মতে, লংকা আৰক্ষী চকীৰ অন্তৰ্গত নেতাজীৰোডৰ ৯নং ৱাৰ্ডৰ অপূৰ্ব দেৱৰ মঙলবাৰে নিশা প্ৰায় ১-৩০ বজাত চোৰে ৰয়েল এনফিল্ড লৈ উধাও হয়৷ দেৱাল বগাই ঘৰৰ চৌহদত প্ৰৱেশ কৰে ৩/৪ জনীয়া এটি চোৰৰ দল৷ চৌহদত প্ৰৱেশ কৰি প্ৰায় ৩০ মিনিট জোৰা চেষ্টাৰ অন্তত চোৰৰ দলটোৱে ৰয়েল এনফিল্ড বাইক নিবলৈ সক্ষম হয়৷

চুৰি কাণ্ডৰ সমস্ত দৃশ্য আবদ্ধ হৈ ৰল চিচিটিভি কেমেৰাত৷ পুৱাই বাইক খন থোৱা নেদেখি হাহাকাৰ লাগে পৰিয়ালটোৰ৷ লগে লগে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰাত ওৰহিৰ ওৰ ওলায় পৰে৷বুধবাৰে বাইক খনৰ গৰাকী অপূৰ্ব দেৱে লংকা আৰক্ষী থানাত চুৰি সন্দৰ্ভত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰি চোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে৷ লংকা আৰক্ষী চকীৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগৰ পৰা চোৰে কি দৰে চুৰি কাণ্ড সংঘটিত কৰিব পাৰিলে তাকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে লংকাত৷