গোৰেশ্বৰঃ অসমত প্ৰায় সত্তৰ লাখ কলিতা জনগোষ্ঠীৰ লোকে বসবাস কৰে। অসমত কলিতাসকলৰ শতকৰা হাৰ প্ৰায় ২৩ শতাংশ। অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে পৃথক ৰাজ্য বা লেণ্ড বিচাৰিছে যিসকলৰ ৰাজ্যখনত জনসংখ্যাৰ শতকৰা হাৰ মাত্ৰ তিনি শংতাশ। তেন্তে ২৩ শতাংশ জনসংখ্যা বসবাস কৰা কলিতাসকলৰ বাবে চৰকাৰে কিয় কোনো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে। এই মুকলি আহ্বান কলিতা জনগোষ্ঠী সন্মিলনী, অসমৰ সাধাৰণ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতিৰ। 

২৫ জুলাইত গোৰেশ্বৰ ৰাজহ চক্ৰ এলেকাৰ মহৰিপাৰাত কলিতা জনগোষ্ঠী সন্মিলনী, অসমৰ তামুলপুৰ জিলা সমিতিৰ অন্তৰ্গত উত্তৰ বেতনা আঞ্চলিক সমিতিৰ উদ্যোগত টেঙাঝাৰ গাওঁ স্থিত উত্তৰ বেতনা শংকৰদেৱ সত্ৰত আয়োজিত সম্বৰ্ধনা আৰু কীৰ্তিমান শিক্ষার্থীক অভিনন্দন অনুষ্ঠানৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি কাকতিয়ে এনেদৰে কয়। 

তেওঁ কয় যে কলিতা সকলোৰো বহু অভাৱ-অভিযোগ আছে আৰু চৰকাৰে কলিতাসকলক আজি হেয় জ্ঞান কৰি আহিছে। উত্তৰ বেতনা আঞ্চলিক সমিতি কলিতা জনগোষ্ঠী সন্মিলনীৰ সভাপতি সুনন্দ কলিতাৰ পৌৰহিত্যত আয়োজিত সভা উদ্বোধনৰ কৰে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কনোৰাম কলিতাই। 

সভাত ৯০ গৰাকী শিক্ষার্থীৰ লগতে অৱসৰপ্রাপ্ত শিক্ষক-কৰ্মচাৰীক অভিনন্দন তথা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উত্তৰ বেতনা আঞ্চলিক সন্মিলনীৰ  সমিতিৰ সাধাৰণ সম্পাদক সমৰজ্যোতি ডেকাই আঁত ধৰা অনুষ্ঠানত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই কয় যে বৰ্তমান অসমত ১৯ জন কলিতা জনগোষ্ঠীৰ বিধায়ক আছে। তেওঁ সকলো কলিতা জনগোষ্ঠীৰ লোকক একগোট হ'বলৈ আহ্বান জনায়। সভাত কলিতা জনগোষ্ঠী কেবাজনো শীৰ্ষ নেতাৰ লগতে স্থানীয় ডেৰ শতাধিক লোক উপস্থিত থাকে।