
কোকৰাঝাৰঃ ২০১৭ বৰ্ষৰ অন্তিমটো দিন অৰ্থাৎ ৩১ ডিচেম্বৰৰ মাজনিশা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সম্বন্বয়কৰ কাৰ্যালয়ত ৰাজ্যবাসীৰ বাবে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ আৰু মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই এনআৰচিৰ প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ পিছৰে সোমবাৰে পুৱাৰে পৰা সেৱা কেন্দ্ৰ সমূহত মানুহৰ ভিৰ পৰিলক্ষিত হয়৷
কোকৰাঝাৰ জিলাৰ এন আৰ চি সেৱা সেৱা কেন্দ্ৰ সমূহতো খচৰা তালিকাত নিজৰ নাম চাবলৈ মানুহে হেতা-ওপৰা লগোৱা পৰিলক্ষিত হয়৷ সোমবাৰে পুৱাৰে পৰা কোকৰাঝাৰত একাংশ ৰাইজে নিজৰ লগতে পৰিয়াল-আত্মীয় কুটুম্বৰ নাম বিচাৰি এনআৰচি সেৱা কেন্দ্ৰত উপস্থিত হয় যদিও বহুতে নিজৰ নাম খচৰা তালিকাত নেদেখি হতাশ হয়।
এনআৰচিৰ খচৃৰা তালিকাত বহু সংখ্যক লোকৰ ঠিকনা সলনি হোৱাৰ উপৰিও বহু সংখ্যকৰ নাম ভুলকৈ প্ৰকাশ হয় বুলি জানিব পৰা গৈছে। নিজ গাঁঁৱৰ পৰিবৰ্তে আন গাঁৱৰ বাসিন্দা বুলি ভুলকৈ প্ৰকাশ হোৱাত জনসাধাৰণ সামাান্য শংকিত হয়। উদাহৰণ স্বৰূপে মঞ্চৰগাঁও ৰাজহ গাঁৱৰ একাংশ বাসিন্দাৰ নামৰ বিপৰীতে বাশবাৰী গাঁও বুলি উল্লেখ থকাত জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
তদুপৰি বিটিচিৰ এমচিএলএ আব্দুল আলি মণ্ডল, আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ৰ নামো এনআৰচিৰ খচৰা তালিকাত নাম প্ৰকাশ হোৱা নাই। খচৰা তালিকাত কোনোবা পৰিয়ালৰ পিতৃ-মাতৃৰ সলনি সন্তানৰ নাম অন্তৰ্ভুক্ত বিপৰীতে কোনোবা পৰিয়ালৰ আকৌ ভাতৃ ভগ্নীৰ নামহে অন্তৰ্ভূক্ত হোৱাত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
কিছুমান পৰিয়ালৰ আকৌ এগৰাকী সদস্যৰ নামো খচৰা তালিকাত অন্তৰ্ভূক্তি নোহোৱাত মানসিক চাপত ভূগিছে। উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ ৯৭টা এনআৰচিৰ সেৱা কেন্দ্ৰ যোগে সৰ্বমুঠ ২০৩৯০৬ খন প্ৰ-পত্ৰ পুৰণৰ যোগেদি ৯২০০০০ জন ব্যাক্তিয়ে আবেদন কৰিছিল যদিও প্ৰথম খচৰা তালিকাত ইয়াৰে ৫৮৮১০৬ জনৰ নামহে প্ৰকাশ হৈছে। তথ্য অনুসৰি কোকৰাঝাৰ ৰাজহ চক্ৰৰ পৰা ১৮০৭৩০জন, দোতমাৰ পৰা ৯৭৪৪২জন, গোসাঁইগাঁৱৰ পৰা ১৬৫৮৫০ জন, বগৰীবাৰীৰ ৭৩৫৭৭জন আৰু ভাওৰাগুৰীৰ পৰা ৭০৫০৭ গৰাকীৰ নাম প্ৰথম খচৰা তালিকাত নাম সনিবিষ্ট হৈছে।