
মাৰ্ঘেৰিটাঃ ভূগৰ্ভৰ পৰা বাণিজ্যিক পৰ্যায়ত আকৰ আহৰণ কৰা কেইবাটাও কোম্পানীয়ে অসম-নাগালেণ্ড সীমান্তৰ পাহাৰৰ বুকু খুলি খাই থকাৰ অভিযোগ আজিৰ নহয়৷ গোপনে দূৰ্গম অঞ্চলত থিতাপি লৈ চৰকাৰৰ সম্পূৰ্ণ সহযোগ তথা অনুমতি লৈ কয়লা খনন কৰি অহা কোম্পানীয়ে অবাধে সেউজীয়া পাহাৰ এফালৰ পৰা ধ্বংস কৰি যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
চৰকাৰে বান্ধি দিয়া নীতি নিয়ম উলংঘা কৰি তথা পৰিসৰৰ বাহিৰত ধ্বংস যজ্ঞ চলাই গৈছে সেউজীয়া পাহাৰত৷ কোম্পানীয়ে এনে ধৰণৰ ধ্বংস চলাই গৈছে সকলোকে লগত লৈ৷ দিল্লীৰ চৰকাৰ দিছপুৰৰ চৰকাৰ, দুই তিনিগৰাকী অসম-অৰুণাচলৰ বিধায়ক, অসম আৰু অৰুণাচলৰ উগ্ৰপন্থীক হাতত লৈ এই কাৰ্য সংঘটিত কৰিছে কোম্পানী সমূহে৷
পাহাৰ কাটি পথ সজাৰ পৰা আপম্ভ কৰি সেউজীয়া গছ-গছনি কাটি তহিলং কৰি খনন কাৰ্য চলাই গৈছে কোম্পানী বোৰে৷ এই কাৰ্য সম্ভৱ হৈছে কেৱল টকাৰ বলত৷ সকলো পক্ষকে টকাৰে কিনি ৰাখিছে এনে কোম্পানীয়ে৷ এএনই, ডিচিএল, মহাৰত্নৰ দৰে বৃহৎ বৃহৎ ক'ল মাইনিং কোম্পানী সমূহে দিনে নিশাই তিনিচুকীয়া জিলাৰ লিডুৰ পাটকাই পাহাৰত অবাধ গতিত ধ্বংস যজ্ঞ চলাই গৈছে পাহাৰৰ৷ আৰক্ষী, অসামৰিক প্ৰশাসন, উগ্ৰপন্থী, মন্ত্ৰী-বিধায়ক সকলোকে টকাৰে মেনেজ কৰি চলাই গৈছে নিজ খেয়াল সূচীত ধ্বংস যজ্ঞ৷ মাহেকত এটা অংশ দিয়ে উগ্ৰপন্থী সমূহক৷
তাৰ মাজতে এই কোম্পানীৰ মাজৰ এটা কোম্পানীৰ বিৰুদ্ধে সদ্যহতে নাৰাজ হৈ পৰিছে উগ্ৰপন্থী সংঘঠন NSCN (IM)-এ৷ কিয়নো মাহেকত আদায় দিয়া ধন সন্দৰ্ভত খেলিমেলিৰ সৃষ্টি হৈছে৷ ANE মাইনিং নামৰ কোম্পানীটোৱে দীৰ্ঘ সময় ধৰি NSCN (IM)ক ধন আদায় দিয়া নাছিল৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছিল NSCN (IM)-এ৷ বাৰে বাৰে কোম্পানীৰ লোকক ধন আদায় দিবলৈ ধমকি দি আহিছিল যদিও গুৰুত্ব আৰোপ কৰা নাছিল৷
কিন্তু চৰম সীমা দিয়াৰ পিছতো কোম্পানীটোৱে NSCN (IM)ক আওকান কৰাত অৱশেষত মঙলবাৰে ভয়াবহ আক্ৰমণ চলাই ANE মাইনিং নামৰ কোম্পানীটোত৷ এই সমস্ত খবৰ এটি বিশ্বস্ত সূত্ৰই newsnextone.comক জানিবলৈ দিয়ে৷ নাম প্ৰকাশক অনিচ্ছুক সুত্ৰটোৱে বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা এই কাৰ্য সংঘটিত হৈ আহিছে বুলি জানিবলৈ দিয়ে৷ কেন্দ্ৰীয় চৰকাৰে NSCN (IM)ৰ সৈতে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট কৰাৰ পিছৰে পৰা অসম-নাগালেণ্ড সীমান্তত NSCNৰ সন্ত্ৰাস ক্ৰমে বৃদ্ধি পাই অহাৰ সময়তে এই আক্ৰমণে বিশেষ তাৎপৰ্যবহণ কৰিছে৷
অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ থকা এই এগ্ৰিমেন্ট ৰূপায়ণ কৰাৰৰ পিছতে বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰাৰ সময়তে মঙলবাৰে অসমৰ মাটিত NSCN-এ ভয়াবহ আক্ৰমণ চলাই ৫ খনকৈ গাড়ী জ্বলাই দিয়া ঘটনাক লিডুবাসীয়ে সহজে লব পৰা নাই৷ এই চুক্তি সম্পাদন কৰাৰ পিছৰে পৰা অসমৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে সন্দেহযুক্ত NSCN (IM)ৰ দলে মঙলবাৰে নিশা লিডুৰ টিকক পাহাৰত প্ৰবেশ কৰে৷ অস্ত্ৰ-শস্ত্ৰ সৈতে পাহাৰত প্ৰবেশ কৰি কয়লা খননত নিয়োজিত ANE মাইনিং নামৰ কোম্পানীটোত ভয়াবহ আক্ৰমণ চলাই৷
ফলত কেইবাখনো গাড়ী জুইত জাহ যায়। ফলত সমগ্র অঞ্চলটোত আজিও উত্তেজনা অব্যাহত আছে। নগা উগ্ৰপন্থীয়ে একপ্ৰকাৰ দখল কৰা লিডু টিকক পাহাৰত মাথো এটা বছৰৰ ব্যৱধানত উগ্ৰপন্থীয়ে একেটা উদ্যোগত বাবে বাৰে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ নগা উগ্ৰপন্থীয়ে অঞ্চলটোত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷
জানিব পৰা মতে ২০/২২ জনীয়া উগ্ৰপন্থীৰ দলটোৰ ৪ গৰাকীয়ে অস্ত্ৰ এম-১৬, আৰু একে-৮১ ৰাইফলেৰে গাড়ীৰ তেলৰ টেংকীত গুলীওৱাত অগ্নি কাণ্ড সংঘটিত হয়৷ সমগ্র দৃশ্যাৱলী চিচিটিভি কেমেৰাত বন্দী হয়। ধনদাবীক কেন্দ্ৰ কৰিয়েই এনে ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছিল।
ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰ তথা কোনো পক্ষক অৱগত নকৰাকৈ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তি কৰি বৃহত্তৰ নাগালিম গঠনৰ কৰাৰ কুচকাৱাজ কৰি থকাৰ সময়তে NSCN (IM)ৰ তাণ্ডৱ অব্যাহত আছে অসমৰ সীমান্তত৷ এই চুক্তিয়ে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ ভয়াবহ ছবি খন যেন লাহে লাহে সন্মুখলৈ আ বসবাস কৰা লোকক৷
তাৰ মাজতে তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত টিকক পাহাৰত নিশা প্ৰায় ৯ বাজি ১৫ মিনিটত সংঘটিত হয় ভয়াবহ ঘটনাই শংকিত সকৰি তোলে সকলো সীমান্ততৰ লোকক। লিডু এএনই ইণ্ডাষ্ট্ৰিয়েল প্ৰাইভেট লিমিটেডৰ ৱেষ্ট (পশ্চিম দিশ) ক'ল মাইনিং কোম্পানীৰ বাহনৰ ৰক্ষণস্থলীত এন এচ চি এন আইএমৰ প্ৰায় ২০-২৫ জনীয়া এটা সশস্ত্ৰ উগ্ৰপন্থী দলে হাতত মাৰাণাস্ত্ৰ লৈ পাঁচখনকৈ টেংকাৰ আৰু ডাম্পাৰত তাণ্ডৱ চলোৱাৰ লগতে ৮ জাই গুলী চালনা কৰে৷