newsnextone.com | কাজিৰঙাঃ গোলাঘাট জিলাত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে আতংকৰ কৰি সৃষ্টি কৰিছে। ধনশিৰি নৈ ফেনে ফোটাকাৰে বাঢ়ি অহাত গোলাঘাট জিলাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বৃহস্পতিবাৰে নুমলীগড়ৰ বাউৰী গাঁৱৰ খৰ্গেশ্বৰ গোৱলা নামৰ এজন লোকৰ ধনশিৰিৰ বানত মৃত্যু হয়। ঘৰৰ ভিতৰত পানী সোমাই অহাৰ ঘৰৰ পৰা ওলাবলৈ চেষ্টা কৰাৰ সময়তে লোক জনে ডুব যায় আৰু মৃত্যুক আকোৱালি লয়।

নীপকোৱে পানী এৰি দিয়াৰ ফলত ফেনে ফোটোকাৰে ধনশিৰিৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত ঘৰ-দুৱাৰ এৰি শ-শ লোকে ৰাজপথত আশ্ৰয় ল'বলগীয়া হৈছে। গোলাঘাট জিলাৰ নগৰৰ পৰা কিছু নিলগৰ লুৰুকিহাত, দুখুটিমুখ, ঢুলীয়া গাঁও, চেঁচামুখ, মিঠাআম, ৰংদৈ অঞ্চলৰ ৰাইজ বানৰ কৱলত পৰিছে যদিও প্ৰশাসনে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। জলবন্দী ৰাইজে ওখ ঠাই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে।

বৃহস্পতিবাৰে পুৱাৰে পৰা নতুন বিপদে দেখা দিয়ে। কিয়নো ধনশিৰি নৈৰ প্ৰলংয়কাৰী বানত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ বুৰ যোৱাত চৌদিশে হাহাকাৰ লাগে ৰাইজৰ। ফলত প্ৰশাসনে যান-বাহনৰ যাতায়াত বন্ধ কৰি দিয়ে। ঘাইপথৰ পকী দলং উটুৱাই নিয়াৰ আশংকা কৰাৰ ফলতেই এই পদক্ষেপ গ্ৰহণ কৰে প্ৰশাসনে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ উজনি নামনিৰ গধুৰ যান-বাহনৰ চলাচল ইতিমধ্যে প্ৰশাসনে বন্ধ কৰিছে।

ঘাইপথৰ পকী দলং ৰক্ষা কৰাৰ প্ৰচেষ্টা কৰা পৰিলক্ষিত হয় বোকাখাত মহকুমা প্ৰশাসনৰ। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ উজনি নামনিৰ গধুৰ যান-বাহনৰ চলাচল নিশাও প্ৰশাসনে বন্ধ কৰিছিল। কুৰি খনৰো অধিক গাওঁ প্লাৱিত হোৱাত বানাক্ৰান্তৰ উদ্ধাৰ অভিযান অব্যাহত আছে। গাঁওসমুহৰ পৰিয়ালৰ ঘৰ-দুৱাৰ বিদ্যালয় পানীত বুৰ যোৱাত ৰাজ পথৰ ওপৰতে বান শিবিৰ স্থাপন কৰিছে বহু লোকে। এতিয়াও জলবন্দী হৈ বহু লোক। ধনশিৰিৰ জলপৃষ্ঠ ক্ৰমাত বৃদ্ধি হৈ আছে।