♦ ওদালগুৰিৰ ৰৌতাত আক্ৰাছুৰ সংবাদমেল

♦ ২৭ জানুৱাৰীত সহযোগত গণসমাৱেশ

ওদালগুৰিঃ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা সন্দৰ্ভত কেন্দ্ৰত গুণাগথা চলি থকাৰ সময়তে বৃহস্পতিবাৰে ওদালগুৰিৰ ৰৌতাত আক্ৰাছুৰ মুখ্য ভৱনত এক সংবাদমেল সম্বোধন কৰে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ অতুল বৰ্মণ গোটে।

সংবাদমেলত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰ‌ই প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। সংবাদমেলত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মণে কয় চৰকাৰে যদি ছয় জনগোষ্ঠীক সচাঁকৈয়ে জনজাতিকৰণ কৰিব বিচাৰিছে তেন্তে পূৰ্বৰেপৰা জনজাতিকৰণৰ আওতাত থকা জনজাতিসকলৰ দৰে পূৰ্ণ পৰ্যায়ৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। 

কোচ-ৰাজবংশীসকলে দিৰ্ঘদিন ধৰি জনজাতিকৰণৰ বাবে আন্দোলন কৰি আহিছে যদিও চৰকাৰে জনজাতিকৰণৰ নাটক কৰি জনজাতি (অন্যান্ন) শাখাত এই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচৰাটো এক হাস্যকৰ আৰু লজ্জিত বিষয়। 

ইয়াৰদ্বাৰা জনজাতিৰ মৰ্যাদা লাভ কৰিও বহুকেইটা অধিকাৰৰপৰা বঞ্চিত হ’ব ছয় জনগোষ্ঠীৰ লোকসকল। এনে জনজাতিকৰণ কেতিয়াও মানি নলয় কোচৰাজবংশীৰ লোকসকলে। ইয়াৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ সকীয়নি প্ৰদান কৰে।

ইফালে ট্ৰাইবেল সংঘ‌ই জনজাতিকৰণৰ বিৰুদ্ধে কৰা আন্দোলনক কটাক্ষ কৰি ধিক্কাৰ দিয়ে বৰ্মণে। ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অন্যান্ন জনজাতিৰ লোকসকলৰ ক্ষতি হ’ব বুলি আন্দোলন কৰি থকা সংগঠনসকলৰ বিৰুদ্ধে ছয়টা জনগোষ্ঠীৰে লোকসকলৰ কোনো ক্ষোভ নাই। তেওঁলোকে যেনেকৈ অসমৰ ভূমিত বসবাস কৰি আছে তেনেকৈ ছয় জনগোষ্ঠীৰ লোকসকলেও জনজাতিকৰণৰ পাছত সুন্দৰভাৱে জীয়াই থাকিব।

পূৰ্বৰ জনজাতিসকলৰ বাবে থকা সংৰক্ষণক বৃদ্ধি কৰাৰ দাবী কৰি যাতে জনজাতিকৰণৰ পাছত পূৰ্বৰ জনজাতিসকলৰ কোনো ক্ষতি নহয় সেয়া স্পষ্ট কৰাৰ আহ্বান জনায়। লগতে পূৰ্বৰ জনজাতিসকলৰ সমমৰ্যদাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী কৰি কয় যে জনজাতিকৰণৰ নামত হাতকটা ঠেংকটা জনজাতিকৰণ কেতিয়াও গ্ৰহণ নকৰে আক্ৰাছুৱে।

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে সংঘ‌ই পুনৰ আন্দোলন কৰিলে আক্ৰাছুৱেও হাত সাৱটি বহি নাথাকে বুলি আজিৰ সংবাদমেলত সকীয়াই দিয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধাচৰণ কৰি যদিহে চৰকাৰখনে এই বিধেয়ক প্ৰৱৰ্তন কৰিব বিচাৰিছে তেন্তে ইয়াৰ পূৰ্বে ভূমিপুত্ৰ তথা খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰথমে পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰক বুলি অতুল বৰ্মণে উল্লেখ কৰে।

ইফালে বি টি চি পৰিষদৰ সমষ্টি ৪০ টাৰপৰা ৬০টালৈ বৃদ্ধি কৰা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আক্ৰাছুৱে। কিমান আসন বৃদ্ধি কৰা হ’ব সেয়া আচল কথা নহয়, সকলো পৰিষদীয় সমষ্টিতে যাতে খিলঞ্জীয়াই ৰাজনীতি, অৰ্থনীতি আৰু ভূমিৰ অধিকাৰ সুৰক্ষা থাকে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইফালে সংবাদমেলত উপস্থিত থাকি আক্ৰাছু নেতা সমীৰণ সিংহ‌ই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজ্য জ্বলাৰ ইংগিত পাই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগ উত্থাপনৰ সন্দেহ কৰা হৈছে। 

লোকসভাত উত্থাপনৰ পাছত কেন্দ্ৰৰ সদিচ্ছা থাকিলে যিকোনো মূহুৰ্তত এই ছয়টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰে যদিও জনজাতিকৰণৰ নামত জনগোষ্ঠীকেইটাক ললীপপ দি প্ৰতাৰণা কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰখনে। এনে প্ৰতাৰণা কোনো পধ্যে সহ্য নকৰাৰ হুংকাৰ প্ৰদান কৰি অহা ২৭ জানুৱাৰীৰ ৰৌতা দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত প্ৰায় চল্লিশ সহস্ৰাধিক লোকৰ উপস্থিতিত এখন বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে।

আগন্তুক ৩১ জানুৱাৰীৰ ভিতৰত ছয় জনগোষ্ঠীকেইটাক জনজাতিকৰণ নকৰিলে আক্ৰাছুৱে সকলো প্ৰতিবাদী কাৰ্যসূচী বন্ধ ৰাখি 'বিজেপি হতাও দেশ বচাও’ শ্ল’গানেৰে আগন্তুক লোকসভা নিৰ্বাচনত বি জে পি চৰকাৰখনক ওফৰাবলৈ সকলো কাৰ্যপন্থা হাতত ল’ব বুলি সকীয়নি প্ৰদান কৰে।