♦ দ-খাৱৈত বাগৰিল যাত্ৰী ভৰ্তি আলট্ৰা বাছ
♦ প্ৰায় ত্ৰিশজনৰো অধিক যাত্ৰী আহত

ওদালগুৰিঃ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ঝাৰগাঁৱত শুকুৰবাৰে দুপৰীয়া সংঘটিত হৈছৈ এক ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰী ভৰ্তি আলট্ৰা বাছ নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা দ-খাৱৈত বাগৰি পৰে।

দুপৰীয়া ১২:৪০ বজাত তেজপুৰ দিশৰপৰা এ এছ ২৫ চি চি ৫৯৫৫ নম্বৰৰ আলট্ৰা বাছখন গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত ৰৌতাৰ ঝাৰগাঁৱত দুৰ্ঘটনাত পতিত হয়।

জানিব পৰা মতে, আলট্ৰা বাছখন গৈ থকা অৱস্থাত একে দিশৰপৰা আহি থকা স্কুটী এখন বাছখনৰ সন্মুখেদি হঠাতে পাৰ হ’বলৈ লওতেই বাছখন নিয়ন্ত্ৰণ হেৰুৱাই ঝাৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা দ-খাৱৈত বাগৰি পৰে। ফলত বাছখনত থকা প্ৰায় ত্ৰিশ জনৰো অধিক যাত্ৰী আহত হয়। সৌভাগ্যক্ৰমে পুখুৰীটোত পানী নথকা বাবে ৰক্ষা পৰে কেইবাজনৰো প্ৰাণ।

স্থানীয় ৰাইজ আৰু ৰৌতা থানাৰ আৰক্ষীৰ তৎপৰতাত আহত যাত্ৰীসকলক ১০৮ মৃত্যুঞ্জয়ৰ সহায়ত ৰৌতা মডেল হস্পিতাললৈ প্ৰেৰণ কৰে। আহত যাত্ৰীসকলৰ মাজত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। তেওঁলোকক তেজপুৰ মেডিকেল কলেজ হাস্পতাল আৰু গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।