
ওদালগুৰিঃ ওদালগুৰি জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বাদাগাঁৱত ডাইনীৰ সন্দেহত সংঘটিত এক হত্যাকাণ্ডৰ বুধবাৰে ৰায়দান কৰে ওদালগুৰি অতিৰিক্ত জিলা আৰু সত্ৰন্যায়ধীশৰ আদালতে।
অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়ধীশ এন তালুকদাৰৰ আদালতে জাকুণ্ডা নাৰ্জাৰীক যাৱজীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে।
ঘটনাৰ বিৱৰণী অনুসৰি ২০১৬ চনৰ ১৬ এপ্ৰিলl গাঁওখনৰ ৰামচন্দ্ৰ গৌড় (৬০) নামৰ লোক এজনক সন্ধিয়া নিজ গৃহৰপৰা কেইজনমান লোকে টানি আনি ডাইনীৰ সন্দেহত লোকজনক নিৰ্যাতন চলাই হত্যা কৰি জংঘলত পেলাই থয়।
ইয়াৰ পৰৱৰ্তী সময়ত নিহত লোকজনৰ পত্নী বাসন্তী গৌড়ে হত্যাকাণ্ড সন্দৰ্ভত ওদালগুৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰাৰ অন্তত থানাত এক গোচৰ ৰুজু হয়। উক্ত গোচৰৰ ভিত্তিত ওদালগুৰি অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতত চলি থকা গোচৰটোৰ চূড়ান্ত ৰায়দান প্ৰদান কৰি অভিযুক্ত জাকুণ্ডা নাৰ্জাৰীক দোষী সাব্যস্ত কৰি যাৱজীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে।