
ওদালগুৰিঃ বৃহত্তৰ হৰিশিঙা অঞ্চলৰ সমন্বয় আৰু মিলনৰ থলী শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱে গৌৰৱোজ্জ্বল ইতিহাসৰ বোকোচাত উঠি সজীৱ স্মৃতিৰে ৭৮ সংখ্যক বৰ্ষত উপনীত হৈছে। সেয়েহে এইবেলি আগন্তুক ২৩ নৱেম্বৰৰপৰা নদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱটি "মহাৰজত জয়ন্তী" উৎসৱ হিচাপে উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।
মহাৰজত জয়ন্তী উৎসৱৰ উদযাপন সমিতিৰ সভাপতি হিচাপে অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰিহন দৈমাৰী, কাৰ্যকৰী সভাপতি বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ লগতে সাধাৰণ সম্পাদকৰ দ্বায়িত্বত আছে মণ্টু কুমাৰ দাস। মহাৰজত জয়ন্তীত এইবাৰ দৰ্শকৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব ৬১ ফুট উচ্চতাৰ বাঁহেৰে নিৰ্মিত অসুৰৰ মূৰ্তি। হৰিশিঙাৰ স্থানীয় যুৱক তথা ধেমাজি জিলা শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ কলা আৰু সৃজনীমূলক শিল্পৰ অধ্যাপক পবিত্ৰ কুমাৰ দাসৰ প্ৰায় ৪০ দিনীয়া কষ্ট আৰু প্ৰচেষ্টাৰ অন্তত দৰ্শকৰ বাবে থিয় দিবলৈ সাজু হৈছে মূৰ্তিটো।
এই সন্দৰ্ভত অধ্যাপক গৰাকীক প্ৰশ্ন কৰাত তেওঁ কয় যে মহাৰজত জয়ন্তী উপলক্ষে কিছু ব্যতিক্ৰমী চিন্তা চৰ্চা কৰি থকা হৈছিযল। সেই অনুসৰি কেইবাটাও ভিন্ন আকৃতিৰ বস্তু অংকন কৰা হৈছিল যদিও অন্তিম সময়চোৱাই অসুৰৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ ঠিৰাং কৰা হয়। ইয়াৰ পাছত তেখেতে সমীপৰে গাঁও এখনৰ কেইবাগৰাকীও বাহৰ কাম জনা লোকৰ সৈতে বিষয়টো আলোচনা কৰাত লোকসকলে তেওঁৰ কথাত সহযোগ কৰে। মূৰ্তিটোৰ সম্পূৰ্ণ আকাৰ দিবলৈ কেইবাটাও খণ্ডত বিভক্ত কৰা হৈছে। সেই অনুসৰি চাৰিজন লোকে প্ৰথম ২২ দিন কেৱল বাঁহেৰে মূৰ্তিটোৰ শৰীৰৰ আকাৰ গঠন কৰে।
ইয়াৰ পৰৱৰ্তী সময়ত প্ৰায় সাতজনকৈ লোকে আজিপৰ্যন্ত মূৰ্তিটো সম্পূৰ্ণ কৰাত ব্যস্ত হৈ আছে। পবিত্ৰ কুমাৰ দাসে জানিবলৈ দিয়া মতে উক্ত নিৰ্মাণ কাৰ্যত প্ৰায় ৬০-৭০ ডাল বাঁহৰ প্ৰয়োজন হৈছে। লগতে আজি সন্ধিয়া পৰ্যন্ত বৃহৎ মূৰ্তিটোৰ কাম সম্পূৰ্ণ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। মূৰ্তিটো চাবলৈ আজিৰেপৰা আৰম্ভ হৈছে ৰাইজৰ সোঁত। উক্ত বাঁহেৰে নিৰ্মিত মূৰ্তিটো হৰিশিঙা ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তীৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।