
ওদালগুৰিঃ ২৫ জানুৱাৰীত সমগ্ৰ দেশৰ লগতে ওদালগুৰিতো শুকুৰবাৰে পালন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। ওদালগুৰা জিলা প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় এই ভোটাৰ দিৱস।
ওদালগুৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে ওদালগুৰি অঞ্চলৰ নতুন তথা যুৱ ভোটাদাতাসকল। সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুষ্পধৰ শৰ্মা উপস্থিত থাকি এনে দিৱসৰ মূল লক্ষ্য নতুন তথা যুৱ ভোটাৰসকলক উলিয়াই অনা বুলি উল্লেখ কৰে।
নৱপ্ৰজন্মৰ হাতত যথেষ্ট শক্তি আছে। এখন দেশৰ ৰাজনীতি ব্যৱস্থা এইসকল নতুন প্ৰজন্মৰ ওপৰত নিৰ্ভৰশীল বুলিও তেওঁ মত ব্যক্ত কৰে। ইয়াৰ পাছত নতুন ভোটাৰসকলক লৈ এক সংকল্প বাণী গ্ৰহণ কৰাৰ লগতে দিৱসটোৰ সৈতে সংগতি ৰাখি বেজ বিতৰণ কৰা হয়। পৰৱৰ্তী কাৰ্যসূচীত প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা ভোটদাতাসকলে নিজৰ মনৰ ভাব ব্যক্ত কৰে।
এই সভাতে এইবেলি পোন প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত ব্যৱহাৰ হবলগীয়া ভিভিপেট যন্ত্ৰৰ লগতে ই ভি এমত কেনেদৰে ভোটদান কৰিব লাগে সেই বিষয়েও ব্যৱহাৰিক জ্ঞান প্ৰদান কৰে।
উক্ত সভাত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত অমৰজ্যোতি বৰ্মণ, জিলা নিৰ্বাচনী বিষয়া নিলোৎপল পাঠক, ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ লুক দৈমাৰী, বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্ব নৱাগত ভোটদাতাসকলৰ লগতে অভিভাৱকসকল।