ধুবুৰীঃ ধুবুৰীৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত বাঘমাৰাৰ প্ৰখ্যাত ব্যৱসায়ী মকৰম আলী মণ্ডলৰ মৃত্যুত আজি অঞ্চলজুৰি শোকৰ ছাঁ পৰে৷ অঞ্চলটোৰ সৰবৰহী ব্যক্তি হিচাপে জনাজাত মকৰম আলী বহু দিনৰ পৰা কিডনী আৰু গল্ড ব্লাডাৰ জনিত ৰোগত ভূগি আছিল৷

বৰপেটা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মকৰম আলীক দুদিন পূৰ্বে পৰিয়ালৰ লোকে ঘৰলৈ ওভটাই অনাৰ পাছতেই আজি পুৱাৰ ভাগত প্ৰায় এশ বছৰ বয়সত মকৰম আলীয়ে ইহলীলা সম্বৰণ কৰে৷

অসংখ্য শুভাকাংক্ষীৰ উপস্থিতিত পুৱা দহ বজাত জানাজা সম্পন্ন কৰি আশাৰীকান্দি কবৰস্থানত তেখেতৰ নশ্বৰ দেহ কবৰস্থ কৰা হয়৷ তেখেতৰ মৃত্যুৰ বাতৰিত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷