28
Nov
2017

মোৰাঝাৰঃ হোজাই জিলাৰ নীলবাগানৰ সমীপৰ কপাহবাৰীৰ এটা কালভাৰ্টৰ ভিতৰত মঙলবাৰে পুৱা অচেতন অৱস্থাত পৰি থকা এগৰাকী অচিনাক্ত বৃদ্ধ উদ্ধাৰ হয়৷
লোকজনক একাংশ লোকে প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে৷ নীলবাগান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বৃদ্ধগৰাকীক উদ্ধাৰ কৰি নীলবাগান চিকিৎসালয়ত ভৰ্তি কৰে৷
বৃদ্ধজন কালভাৰ্টৰ তলত দুদিন ধৰি অচেতন অৱস্থাত পৰি থকাৰ সন্দেহ কৰা হৈছে৷ সংকটজনক অৱস্থাত চিকিৎসকে চিকিৎসা কৰি থকা বুলি জানিব পৰা গৈছে৷ বৃদ্ধজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই৷