
চিপাঝাৰঃ দৰং জিলাৰ দেওঁমৰনৈ মডেল ইংলিছ স্কুলৰ এগৰাকী ৮২ বছৰীয়া শিক্ষকক ছাত্ৰ ছাত্ৰীয় হিয়া উজাৰি জনালে সম্বধৰ্না। জীৱনত শিক্ষাকে দান কৰি অহা এই গৰাকী শিক্ষকৰ নাম হল গোপাল শৰ্মা। দেওঁমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰি শিক্ষক গৰাকী ঘৰতে শুই বহি থাকি সময় কটোৱাৰ বিপৰীতে ব্যস্ত হৈ আছে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰাত। ১৯৯৮ চনৰ নৱেম্বৰ মাহত দেওমৰণৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পৰাই গোপাল চন্দ্ৰ শৰ্মা নামৰ এইগৰাকী শিক্ষকে এইখন দেওমৰণৈ MODEL ENGLISH SCHOOL ত বিনা বেতনে শিক্ষকতা কৰি আহিছে।
এতিয়াও প্ৰতি দিনত ছয়টা কৈ শ্ৰেনীত পাঠদান কৰে বিদ্যালয়খনত। বিদ্যালয়খনতো ককা চাৰ হিছাপে পৰিচিত শিক্ষক গৰাকীকো লৈ উৎসাহিত বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীওঁ। এই ৮২ বছৰ বয়সতো ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত চাইকেলেৰই আহ-যাহ কৰে শিক্ষকগৰাকীয়ে।
বিৰল ব্যক্তিত্বৰ অধিকাৰী অংক আৰু বিজ্ঞান বিভাগত পাকৈত গোপাল শৰ্মাই News next one লগত হোৱা কথাবৰ্তাত আবেগিক হৈ চকুলো টুকিলে আৰু মৃত্যুৰ আগমুহুৰ্তলৈ শিক্ষাদান কৰি কৰি যাব বুলিও অৱগত কৰে। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াইও তেওঁলৈ যাচিছে শুভেচ্ছা। দৰং জিলাৰ পাতি দৰঙৰ ককা চাৰ ৰূপে পৰিচিত শিক্ষকগৰাকীক লৈ গৌৰৱ অনুভৱ কৰে দেওমৰণৈ বাসীয়ে।