কাজিৰঙাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিয়ন্ত্ৰনলৈ অহা নাই বান পৰিস্থিতি৷ এটুপি পানী, এমুঠি ভাতৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে কাজিৰঙাৰ মিহিমুখত ঘটিল অঘটন৷

নিজৰ বানত বুৰ যোৱা ঘৰখন চাবলৈ আহি অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এজন লোকে৷ বানে বিধস্ত কাজিৰঙাৰ ৰঙাজান বান শিৱিৰত পৰিয়ালৰ স'তে আশ্ৰয় লৈ থকা গোৱৰ্দ্ধন গোৱালা নামৰ লোকজেন শুকুৰবাৰে বিয়লি বানে ধোৱা নিজৰ মৰমৰ ঘৰখন চাবলৈ আহিছিল৷ আৰু তাৰ পিছতেই নিয়তিৰ বানত সন্ধানহীন হৈ পৰে ৪৫ বছৰীয়া লোকজন৷

ৰাইজ, বনবিভাগ আৰু আৰক্ষীৰ অনুসন্ধানৰ অন্তত আজি পুৱা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷