কামপুৰঃ কামপুৰ গাৰুখুন্দা ধিং গাঁৱত পুখুৰীত পৰি এজন ৫০ বছৰীয়া লোকৰ সলিল সমাধি ঘটে। মৃত লোকজনৰ নাম ধনচিং বৰা।

দেওবাৰে দুপৰীয়া পুখুৰীত গা ধুবলৈ যাওঁতেই সংঘটিত হয় এই ঘটনা। পুখুৰীত উপঙি থকা অৱস্থাত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে।

পাছত মৃতদেহটো পুখুৰীৰ পৰা উদ্ধাৰ কৰে পৰিয়ালৰ লোকে।