
মাজুলীঃ ফেচবুকতে 'সদৌ মহাবীৰ ফৌজ অসম’ চমুকৈ 'উম্ফা’ নামৰ এটা সংগঠন গঠনৰ কথা কৈ গ্ৰপ্তাৰ হ’ল এজন কলেজীয়া ছাত্ৰ। স্বাধীন অসমৰ কথা কৈ দীৰ্ঘদিন ধৰি ফেচবুকত পোষ্ট আপডেট দি আহিছিল এই ছাত্ৰজনে।
মুন অসম নামত থকা ফেচবুক একাউণ্টটোৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসম বিৰোধী আখ্যা দি পিছ পিছকৈ কাটিম বুলি লম্ফ-জম্ফ কৰা এই ছাত্ৰজনৰ প্ৰকৃত নাম মনোৰঞ্জন বৰুৱা।
পূব মাজুলী মহাবিদ্যালয়ৰ এই ছাত্ৰজনে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ লগতে আন কেবাজনো চৰকাৰী বিষয়া-আমোলাকো শিৰচ্ছেদ কৰিব বুলি নিজৰ ফেচবুক টাইমলাইনত কৈ আহিছিল।
স্বাধীন অসমৰ কথা কৈ অসমবাসীক সমাগত স্বাধীনতা দিৱস বৰ্জন কৰিবলৈকো আহ্বান জনাইছিল মুন অসম ওৰফে মনোৰঞ্জনে।
অৱশেষত আজি পুৱাৰ ভাগত ফেচবুকতে সংগঠন জন্ম দি স্বাধীন অসমৰ কথা কোৱা মুন অসম নামৰ ফেচবুক একাউণ্টটোৰ গৰাকী ছাত্ৰজনক মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।