23
Nov
2017

লিডুঃ নগা উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ বিশেষ প্ৰভুত্ব থকা চাংলাং জিলাত কুটাঘাট সংঘটিত কৰিবৰ বাবে অনা বৃহৎ পৰিমাণৰ বিস্ফোৰক বুধবাৰে জাগুন বজাৰৰ কিছু নিলগত লাকলাত উদ্বাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অৰুণাচল প্ৰদেশৰ মেওৰ পৰা চাংলাং অভিমুখী আহি থকা এখন যাত্ৰীবাসী বাছৰ পৰা জাগুন আৰক্ষীয়ে বহৎ পৰিমাণৰ বিস্ফোৰক সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, নগৰখনৰ কিছু নিলগৰ লাকলা পথত আৰক্ষীয়ে আৰক্ষীয়ে অতৰ্কিতে তালাচী চলাই আৰু AR-X-0455 নম্বৰৰ এখন বাছৰ পৰা পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত প্ৰায় ৪.৫ কেজি উজনৰ বিস্ফোৰক উদ্ধাৰ কৰে।