newsnextone.com | শিৱসাগৰঃ যোৱা ২৮ মে’ৰ পৰা ব্যাপক উত্তেজনাই বিৰাজ কৰিছিল শিৱসাগৰ জিলাৰ অ’এনজিচি কাৰ্যালয় চৌহদত৷ বিষয়া-কৰ্মচাৰী আৰু অ’এনজিচিৰ যান বাহনৰ চলাচলো একপ্ৰকাৰ ব্যাহত হৈ পৰিছিল৷ অ’এনজিচিত থলুৱাক এশ শতাংশ নিযুক্তিৰ দাবীত উজনিৰ জাতীয় সংগঠন টাই আহোম যুৱ পৰিষদে আহ্বান জনোৱা অ’এনজিচি কাৰ্যালয় চৌহদ বন্ধ কাৰ্যসূচীত এক অচলা অৱস্থাৰ সৃষ্টি হৈছিল৷ 

যোৱা ৭দিন ধৰি অচলা অৱস্থাৰ সৃষ্টি হোৱাত অ’এনজিচিৰ প্ৰশাসন পৰিচালনা কৰাত ব্যাপক সমস্যাই দেখা দিছিল৷ কিন্তু সোমবাৰে পুৱাৰে পৰা অ’এনজিচিৰ কাৰ্যালয় চৌহদৰ পৰিবেশ স্বাভাৱিক হৈ পৰে৷ টাই আহোম যুৱ পৰিষদে অ’এনজিচিৰ কাৰ্যালয় বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে৷ 

দেওবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অ’এনজিচি কৰ্তৃপক্ষ আৰু টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ নেতৃত্ব আৰু আন কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধিৰ মাজত অনুষ্ঠিত বৈঠকৰ অন্তত কাৰ্যসূচী প্ৰত্যাহাৰ কৰে সংগঠনটোৱে। আলোচনা কালত অ’এনজিচি কৰ্তৃপক্ষ আৰু স্থানীয় প্ৰশাসনে টাইপাৰ নেতা-কৰ্মীৰ বিৰুদ্ধে ৰুজু হৈ থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়৷ ১৫ দিনৰ ভিতৰত নিগম কৰ্তৃপক্ষৰ সৈতে পূৰ্ণ কালীন আলোচনা অনুষ্ঠিত কৰা, নিবিদাৰ চৰ্তসমূহ শিথিল কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে।

বন্ধৰ সময়ত অ’এনজিচিৰ গাড়ীসমূহ তৈলক্ষেত্ৰ সমূহলৈ নিয়াত ব্যৰ্থ হোৱাৱ নাছিল যদিও নিৰাপত্তাৰক্ষীৰ বেষ্টনী গঢ়ি তুলিব লগা হৈছিল৷ তাৰ মাজতে অ’এনজিচিৰ কেইবাখনো গাড়ীৰ গ্লাছ ভঙাৰ দৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এনে কাণ্ড সমূহ কোনে সংঘটিত কৰিছে সেয়া ৰহস্যৰ বিষয় বুলি কৈ বন্ধৰ সমৰ্থকে নে কোনো তৃতীয় পক্ষই সংঘটিত কৰিছে তাক লৈয়ো চিন্তা জাহিৰ কৰা হয়৷ বন্ধৰ সময়ছোৱাত সংঘটিত ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে৷

উল্লেখ্য যে, তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গটোৱাৰ সিদ্ধান্ত বাতিল কৰা, এশ শতাংশ থলুৱাক নিযুক্তি দিয়া, সৰু গাড়ীৰ নিবিদা প্ৰক্ৰিয়াত অ’এনজিচিয়ে আৰোপ কৰা চৰ্ত সমূহ শিথিল কৰা দাবীত টাই আহোম যুৱ পৰিষদে দীৰ্ঘ দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷