
গোৱালপাৰাঃ অহা ২০ নৱেম্বৰত গোৱালপাৰা জিলাৰ শিমলিতোলাত আমছুৰ উদ্যোগত অনুষ্ঠিত হ’ব বিশাল সমাবেশ৷ জিয়াগুৰীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ বগুৱান কঠালবাৰী আঞ্চলিক সহযোগত আৰু খেৰোপাৰা, জিয়াগুৰী, কানকাটা, ফৰেষ্ট কানকাটা সাখা সমিতিৰ উদ্যোগত ডি-ভোটাৰ সমস্যা, শিক্ষা আৰু বাল্যবিবাহ সমস্যাৰ সন্দৰ্ভত এই সমাবেশ আয়োজন কৰা বুলি জানিব পৰা গৈছে৷
অসমৰ বিভিন্ন অঞ্চলত শিক্ষা, বাল্যবিবাহৰ ঘটনা সংঘটিত হৈ থকা দেখা যায়। চৰকাৰে বিশেষকৈ বাল্যবিবাহৰ নিৰ্মূলৰ বাবে যঠেষ্ট ব্যৱস্থা কৰিছে যদিও ভিতৰুৱা অঞ্চলত এনে ঘটনা সংঘটিত হৈ আহিছে। যাৰ ফলস্বৰূপে সংগঠটোৱে এনে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে৷
সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি আজিজুৰ ৰহমান, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উপ-সভাপতি হাছিৰ আহমেদ, সাধাৰণ সম্পাদক আইনুদ্দিন আহমেদ, ৰেজাউল কৰিম সৰকাৰ, আমিনুল হক চৌধুৰী, আনিছুৰ আলম, ছামছুল হকৰ লগতে স্থানীয় গন্য-মান্য ব্যক্তিসকল৷