
চাবুৱাঃ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰি গুৱাহাটী আৰু ডিব্ৰুগড়ৰ আৰম্ভ কৰা হ’ল বিমান সেৱা৷ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটী আৰু ডিব্ৰুগড় মাজ বিমান সেৱাৰ শুভাৰম্ভ কৰে৷
স্পাইচজেটে আৰম্ভ কৰা এই বিমান সেৱাৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, তিনিচুকীয়া বিধায়ক সঞ্জয় কিষাণ, জিলা উপায়ুক্ত লয়া মাদ্দুৰী উপৰিও ডিব্ৰুগড় জিলাৰ প্ৰশাসনৰ বিষয়াবৰ্গ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে জেট এয়াৰৱেজে সেৱা বন্ধ কৰিছিল এই বছৰৰে ১৬ জুলাইৰ পৰা। যাৰ বাবে ডিব্ৰুগড়ৰ আৰু গুৱাহাটীৰ মাজত পোনপটীয়া বিমান সেৱা বন্ধ হৈ পৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত বহু লোকৰ অসহায় অৱস্থাৰ সৃষ্টি হৈ আহিছিল।
আজি পুৱা ১০-৩০ বজাত স্পাইচজেটৰ এছ জি ৩২১৪ নম্বৰৰ কিউ ৪০০ শ্ৰেণীৰ বিমানখন আনুষ্ঠানিকভাৱে গুৱাহাটীলৈ উৰা মাৰে। এই বিমান সেৱা কলকাতাৰ পৰা শিলচৰ হৈ গুৱাহাটী ডিব্ৰুগড়ৰলৈ আগবঢ়োৱা হৈছে৷