newsnextone.com  গোৰেশ্বৰঃ বাতৰি কাকতত বাতৰি প্ৰকাশ পোৱাৰ এদিন পূৰ্বেই কাকতৰ লে-আউট চোচিয়েল মিডিয়া যোগে ভাইৰেল কৰি সংবাদ মাধ্যমৰ গোপনীয়তা ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে বাগসা জিলাৰ গোৰেশ্বৰৰ এজন প্ৰথম শ্ৰেণীৰ ঠিকাদাৰে। ৫ জুলাইত শুক্লা জলসিঞ্চন প্ৰকল্পৰ বঙলা প্ৰাংগনত এক সংবাদ মেল যোগে এই কথা স্পষ্ট কৰিছে ঠিকাদাৰ সুৰেন চন্দ্ৰ বড়োৱে। 

উল্লেখ্য যে, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ‘নতুন প্ৰতিবিম্ব’ নামৰ কাকতখনত যোৱা ৪ জুলাই সংখ্যাত ঠিকাদাৰ সুৰেন চন্দ্ৰ বড়োৰ বিৰুদ্ধে প্ৰকাশিত এক বাতৰিত ঠিকাদাৰ জনে শুক্লা জলসিঞ্চন প্ৰকল্পত ব্যাপক দুৰ্নীতি কৰাৰ লগতে নিম্নমানৰ কাম কৰা বুলি প্ৰকাশ পায়। কিন্তু ৰহস্যজনকভাৱে ৪ জুলাইত প্ৰকাশিত এই বাতৰিৰ লে-আউট মোবাইলৰে তোলা ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে তিনি জুলাইতে। 

কাকতখন প্ৰকাশ পোৱাৰ পূৰ্বেই এনেদৰে এদিন পূৰ্বে কেনেদৰে কোনে ছ’চিয়েল মিডিয়াত একে বাতৰি কোনে ভাইৰেল কৰিলে তাকে লৈ এতিয়া ব্যাপক চৰ্চা চলিছে। ইপিনে, সংবাদ মেল যোগে ঠিকাদাৰ জনে এই উক্ত বাতৰি অস্বীকাৰ কৰাৰ লগতে তেওঁৰে এজন সতীৰ্থ ঠিকাদাৰে তেওঁৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ বাবে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। 

এই ক্ষেত্ৰত সতীৰ্থ ঠিকাদাৰ আব্দুল চামাদ চৌধুৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে সুৰেন্দ্ৰ চন্দ্ৰ বড়োৱে। ষড়যন্ত্ৰমূলক ভাৱে প্ৰকাশিত বাতৰিটোক প্ৰত্যাহ্বান জনাই তেওঁ কয় যে, ২০০৮-০৯ বৰ্ষতে বেংছিমাৰী ক্ৰছ ৰিগলেটৰ, হেড ৰিগলেটৰ, বালাহাটী আৰ চিচি ক্ৰিজ, জাব্ৰা ডোং ক্ৰ’ছ আৰু হেড ৰিগলেটৰ কাম কৰিছে আৰু বিল আদায় পাইছে। 

কিন্তু বাতৰিটোত প্ৰকাশ পোৱাৰ দৰে কাক দাবী ধমকি দি বিল আদায় কৰিলে বা কোনটো কাম নিম্নমানৰ হৈছে সেয়া স্পষ্ট কৰাৰ লগতে বিভাগীয়ভাৱে চৰজমিন তদন্ত কৰাৰ দাবী জনাইছে প্ৰথম শ্ৰেণীৰ ঠিকাদাৰজনে। আনহাতে, বিটিচিৰ চিএছডি মোহন বড়োৰ সহযোগিতাত প্ৰকল্পৰ কামৰ ঠিকা লাভ কৰা বুলি কোৱা হৈছে যদিও মোহন বড়োৰ সৈতে এদিনো তেওঁৰ টেবুলত বহি পোৱা নাই বুলি সজোৰে দাবী কৰে। 

আনহাতে, জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰো ঘনিষ্ঠ হৈ লুন্ঠন চলোৱা বুলি বাতৰি প্ৰকাশ পাইছে যদিও ভৱেশ কলিতা বিধায়ক আৰু মন্ত্ৰী হোৱাৰ পিছত মাথো ৮ লাখ টকাৰ এটি ঠিকাৰ কামৰ বাদে কোনো কামেই কৰা নাই বুলি সুৰেন চন্দ্ৰ বড়োই সংবাদমেলত উল্লেখ কৰে। তেনে ক্ষেত্ৰত জলসিঞ্চনত লুন্ঠন চলোৱা বা অন্যান্য অভিযোগ ষড়যন্ত্ৰমূলকভাৱে কোনো ভিত্তি নহোৱাকৈ ছ’চিয়েল মিডিয়াত বাতৰি প্ৰকাশ পোৱাৰ এদিন পূৰ্বেই ভাইৰেল কৰি মানহানি কৰাৰ বিৰুদ্ধে এতিয়া আইনৰ কাষ চপাৰ কথা অবগত কৰাইছে। 

এই ক্ষেত্ৰত বাতৰি কাকতখনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ছ’চিয়েল মিডিয়াত প্ৰচাৰ চলোৱা ৬ জন লোকৰ বিৰুদ্ধে গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰিছে ঠিকাদাৰজনে।