ডিজিটেল ৰিপ'ৰ্টঃ আমি নিজস্ব নীতি আদৰ্শৰ পৰিপন্থাৰ বিৰুদ্ধে গৈ পুনৰ্বাস কৰিব নোৱাৰো, সেয়া আমাৰ দৰে সশস্ত্ৰ বাহিনীৰ বাবে চূড়ান্ত অপমানজনক কথা। আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰে আলোচনাৰ মেজলৈ আহ্বান জনোৱাৰ প্ৰত্যুত্তৰতএইদৰে কয় আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমে।

সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)ৰ সেনাধ্যক্ষজনে ৰবিশংকৰক আৰু কয় যে ভাৰত ৰাষ্ট্ৰই বলপূৰ্বকভাৱে শাসন কৰি অহা অসমী আইক ঔপনিৱেশিক শাসকগোষ্ঠীৰ বাঘজৰীৰ কবলৰ পৰা উদ্ধাৰ কৰি পূৰ্বৰ দৰে এখন সাৰ্বভৌম ৰাষ্ট্ৰ গঠন কৰাটোৱেই হৈছে আলফাৰ জন্মৰ মূল লক্ষ্য আৰু উদ্দেশ্য৷

তেওঁ কয় যে আলফাই ইতিপূৰ্বে বহুকেইবাৰ শান্তি আলোচনা, বিবৃতিৰ জৰিয়তে ভাৰত চৰকাৰক জনাইছে যে স্বাধীন অসমৰ দাবীৰ বাহিৰে আলফা স্বাধীনে কোনো আলোচনাই নকৰে আৰু সংগঠনটোৰ সংবিধানেও নিদিয়ে৷

সেয়ে আলোচনাৰ নামত ৰবিশংকৰৰ বাৰম্বাৰ অনুৰোধ প্ৰত্যাখ্যান কৰি এনে অনুৰোধ মিথ্যা, হাস্যকৰ,বহতীয়া হোৱাৰ চল-চাতুৰিৰ বাদে আন একো নহয় বুলি পৰেশ অসমে পত্ৰখনত উল্লেখ কৰে৷

ইয়াৰ উপৰিও আলফা স্বাধীনে কোনো নিৰপৰাধী লোকক হত্যা কিম্বা ভয় দেখুৱাবলৈ নহয় বৰঞ্চ আত্মৰক্ষা আৰু অসমী আইক ৰক্ষাৰ স্বাৰ্থতহে হাতত অস্ত্ৰ তুলি লোৱা বুলি পত্ৰত উল্লেখ কৰে৷ আলফাৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণ নোহোৱা পৰ্যন্ত অস্ত্ৰ সম্বৰণ নকৰে সেয়ে ভুৱা আশ্বাস দি আলফাক অস্ত্ৰ সমৰ্পণৰ কথা পুনৰ নক'বলৈ ৰবিশংকৰক সেনাধ্যক্ষজনে পত্ৰৰ দ্বাৰা অাহ্বান জনায়৷