25
Jun
2017

নাহৰকটীয়াঃ নাহৰকটীয়া সমষ্টিৰ চাচনী মৌজাৰ মেৰবিল থানাৰ অন্তৰ্গত ৰংপুৰ দিঘলীৰ জলসিঞ্চন বিভাগৰ পানী যোগান অাঁচনি বৰ্তমান অস্তিত্ব সংকটত। ১৯৮৮ চনত জলসিঞ্চন বিভাগৰ এই অাঁচনিখনৰ অাধাৰশিলা স্থাপন কৰি পুনৰ ২০০৮ চনত ২০ লাখ টকা অনুমোদনেৰে এই অাঁচনিখন উজ্জীৱিত হয়।
কিন্তু দুই বছৰ চলাৰ পিছতেই জহি-খহি যোৱাৰ উপক্ৰম হৈছে লক্ষাধিক টকা ব্যয়েৰে নিৰ্মিত আঁচনিখন। ৫০ টা পৰিয়াল উপকৃত হোৱা এই অাঁচনিখন এনেদৰে অকামিলা হৈ পৰি থকাৰ পৰিপ্ৰেক্ষিতত জলসংকটৰ সৃষ্টি হৈছে।
পানীৰ অভাৱত ৰাইজে সময়ত কোনো ধৰণৰ খেতি-বাতি কৰিব নোৱৰি বিবুধিত পৰিছে বুলি জানিব পৰা গৈছে। বিভাগীয় কৰ্তৃপক্ষই যদি পানী যোগান অাঁচনিখন অতি শীঘ্ৰে কাৰ্যক্ষম কৰি নোতোলে, তেন্তে ই মৰিশালীত পৰিণত হোৱাটো ধুৰূপ।