গুৱাহাটীঃ ৪ মে'ৰ বিয়লি আলফা স্বাধীনেৰে আৰক্ষী-সেনাৰ সংঘৰ্ষত গুলীবিদ্ধ হৈ চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় বৰডুমচা আৰক্ষী থানাৰ দক্ষ বিষয়া ভাস্কৰ কলিতাই। দিনৰ প্ৰায় ১২ বজাত আলফাৰ দল এটা বৰডুমচাৰ কুজু পথাৰত প্ৰৱেশৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ 

তাৰ পিছতে যুৱ আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত চিআৰপিএফৰ দল সহ ঘেৰাও কৰে উক্তস্থান৷ আলফাৰ দলটোৰ সৈতে প্ৰথমে গুলীয়াগুলি লাগে আৰক্ষী-চিআৰপিএফৰ৷ পিছত সেনাই নেতৃত্ব লয় অভিযানৰ৷ তেনে সময়তে আলফাৰ দলে গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে একেৰাহে গুলীচালনা কৰাত বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ দেহত কেইবাটাও গুলী লাগে৷ 

ততাতৈয়াকৈ ভাস্কৰ কলিতাক ডিগবৈৰ অইল হস্পিতালত ভৰ্তি কৰে যদিও চিকিৎসাকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ শনিবাৰে এখন বিমানেৰে ভাস্কৰ কলিতাৰ মৃতদেহ গুৱাহাটী বিমানবন্দৰলৈ অনা হয়৷ তাৰ পিছতে এখন বিশেষ বাহনেৰে কেইবাশতাধিক লোকে অন্তিম যাত্ৰা কৰি নিজ গৃহলৈ নিয়াত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰে৷ 

তাৰ পিছতে পৰেশ বৰুৱাই এটি ব্যক্তিগত খণ্ডৰ সংবাদ প্ৰতিষ্ঠানত প্ৰদান কৰা মন্তব্যত বৰডুমচাৰ সংঘৰ্ষস্থলিৰ পৰা আলফাই নিৰাপত্তাৰক্ষীৰ অস্ত্ৰ কাঢ়ি নিয়া বুলি দাবী কৰে৷ 

পৰেশ বৰুৱাই দাবী কৰি কয় ‘‘আমাৰ দলে ভাস্কৰৰ একে-৪৭টো কাঢ়ি আনে৷ আন এজন কমাণ্ডাৰৰো একে-৪৭টো কাঢ়ি আনিবলৈ চেষ্টা কৰিছিল৷’’ ইমানে নহয় পৰেশ পন্থী আলফাৰ এগৰাকী সদস্যৰ দেহত গুলী লগা বুলি কৈ সামন্য আঘাত পোৱা বুলি কয়৷ আঘাত পোৱাৰ বাবেই আৰক্ষীৰ একে-৪৭টো আলফা সদস্যজনে কাঢ়ি আনিব নোৱাৰিলে বুলি কয়৷