
তেজপুৰঃ খাদ্য নিগমৰ চাউলৰ ট্ৰাক পূৰ্বপৰিকল্পনা মৰ্মে দুৰ্ঘটনাগ্ৰস্ত কৰাই পিছত নিজেই ট্ৰাকৰ পৰা বস্তাই বস্তাই চাউল চোৰৰ হাতত তুলি দিয়াৰ এক কাণ্ডই হতভম্ব কৰিছে আৰক্ষীক। তেজপুৰৰ মিলনপুৰৰ পৰা উক্ত কাণ্ডৰ লগত জড়িত থকা তিনি চাউল চোৰক চাউল সহ আজি আটক কৰিছে বেবেজিয়া আৰক্ষীয়ে।
৮ জুলাইত ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা এচ ১২- ৫৮৩১ নম্বৰৰ ১৭২ বস্তা পিডিএছৰ চাউল বৰছলা সমবায় সমিতিলৈ ৰহস্য জনক ভাবে নিশা তিনি বজাত নিয়াৰ কালত তেজপুৰৰ মিলনপুৰত ৰহস্যজনক ভাৱে দুঘটনাত পতিত হয়৷ পৰিকল্পিতমতেই চালকে ট্ৰাকখন পথ কাষলৈ নি পুখুৰীত পেলাই ৯০ বস্তা চাউল লৈ পলাই যায়।
ট্ৰাকখনৰ চালক লৰিন ৰয় বতমান সময়লৈকে পলাতক অৱস্থাত আছে বুলি ট্ৰাকখনৰ মালিক শৰৎ কলিতাই জনাইছে। সেই ঘটনাৰ লগত জড়িত সঞ্জয় চাহু, নৃপেন নাথ, চুবি নাথ আৰু লুৰিক ৰায় আটক কৰিছে। আৰক্ষীয়ে চুৰি চাউল জব্দ কৰিবলৈ সক্ষম হৈছে।